অসম

দেৰগাঁৱত তীৰ খেলৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান…

asomiyapratidin

ডিজিটেল সংবাদ, কাকডোঙাঃ গোলাঘাট জিলাৰ দেৰগাঁও ৰাজহ চক্ৰৰ অৰ্ন্তগত বৃহৎ অঞ্চল সমূহত ক্ৰমান্বয়ে এক অন্ধকাৰ জগত বিস্তাৰিত হবলৈ ধৰিছে। মাদক দ্ৰব্য, জোৱা, ধন লুট আৰু অবৈধ তীৰ খেলৰ পোহৰ মেলি একাংশ অসামাজিক চক্ৰই মাফিয়াৰাজ চলাবলৈ উঠি পৰি লাগিছে।

ইফালে এই চক্ৰৰ বিৰুদ্ধে আধুনিক অসম আৰক্ষীৰ তৎপৰতা সমান্তৰালকৈ বাঢ়িছে। দেৰগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰশান্ত বড়াৰ নেতত্বত আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ৰ তৃতীয় গেটৰ সমীপত এখন পাণ দোকানত নিশা এক অভিযান চলাই তীৰ খেলৰ টিকট বিক্ৰেতা তথা দেৰগাঁও পেঞ্চন কলনীৰ প্ৰায়ত কুলেন চন্দ্ৰ দাসৰ পুত্ৰ মৃদুল দাসক আৰু কিনোতা বিলয়তিয়াৰ প্ৰায়ত চিৰজা আলীৰ পুত্ৰ কৰিম আলীক গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।

দুয়োৰে উপৰত গেম এণ্ড বেট্টেলিং দণ্ড বিধি আইনৰ দফা ১৩ আৰু ১৪ৰ অধীনত ৪০০/২০১৯ নং গোচৰ ৰুজু কৰিছে দেৰগাঁও আৰক্ষীয়ে। ভাৰপ্ৰাপ্ত বিষয়া প্ৰশান্ত বড়াই জানিবলৈ দিয়ে যে ইতিমধ্যে দেৰগাঁও আৰক্ষীয়ে জুৱাৰী, তীৰ খেলৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰাৰ ওপৰিও নতুন নতুন তথ্য ভিত্তিত অভিযান চলায় থকা হব বুলি।

উল্লেখ্যযোগ্য যে, দেৰগাঁও অঞ্চলত তীৰ খেলৰ জাল গাঁৱে ভূঁঞে বিস্তাৰিত হোৱাৰ উপৰিও সৰু বৰ সকলো বয়সৰ লোকে এই খেলত যোগদান কৰি ঘৰৰ সা সম্পত্তি বিক্ৰীৰ কৰাৰ নজিৰ সৃষ্টি কৰিছে। আৰক্ষীৰ তৎপৰতা বাবে কিছু সংখ্যক লোক আটক হোৱাৰ বাবে অঞ্চলটোত সামূহিক ভাবে জনসাধাৰণে সকাহ পোৱা বুলি বিভিন্ন জনে মন্তব্য কৰিছে।