প্ৰতিবাদ
প্ৰতিবাদ 
অসম

অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত মহিলাৰ উত্তাল প্ৰতিবাদত...

Asomiya Pratidin

ডিজিটেল সংবাদ, ডেৰগাঁওঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া অৰুণোদয় আঁচনিৰ হিতাধিকাৰী নিৰ্বাচনৰ অনিয়মৰ অভিযোগ উত্থাপিত হৈছে ৷ এই অভিযোগ খুমটাই সমষ্টিৰ উত্তৰ গুৰযোগনীয়া গাওঁ পঞ্চায়তৰ মহিলাসকলৰো ।

এই লৈ শনিবাৰে খুমটাই সমষ্টিৰ উত্তৰ গুৰযোগনীয়া গাওঁ পঞ্চায়তৰ ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে ৷ অৰুণোদয় আঁচনি ৰূপায়নত দুৰ্নীতিৰ অভিযোগেৰে কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ কৰে একাংশ মহিলাই ৷

দলীয় ৰাজনীতি বন্ধ কৰক, অৰুণোদয় আচঁনিত দলীয় ৰাজনীতি নচলিব শ্ল’গানেৰে উত্তাল কৰে সমগ্ৰ পৰিৱেশ ৷ বিজেপিৰ বুথ কমিতিৰ সভাপতি আৰু সদস্য সকলে পঞ্চায়তটোৰ সভাপতি আৰু সচিবৰ অজ্ঞাতে নিজ খেয়াল খুচিৰে হিতাধিকাৰী নিৰ্বাচন কৰাৰ অভিযোগ উঠিছে ৷

বুথ কমিটিৰ সদস্যৰ পৰিয়ালেহে লাভ কৰে চৰকাৰী আঁচনি ৷ তদুপৰি প্ৰ-পত্ৰ দিয়াৰ নামতো ৱাৰ্ড মেম্বাৰে এশ টকা উৎকোচ লোৱাৰো অভিযোগ তুলিছে প্ৰতিবাদকাৰীসকলে ।

তাৎপৰ্যৰ কথা এয়ে যে পঞ্চায়তটোৰ সভাপতি আৰু সচিৱগৰাকীয়ে স্বীকাৰ কৰিছে অনিয়মৰ কথা । এতিয়া প্ৰশ্ন হৈছে দূৰ্নীতিৰ বিৰুদ্ধে সদায়েই সৰৱ ভূমিকা গ্ৰহণ কৰা খুমটাইৰ বিধায়কগৰাকীয়ে বঞ্চিত মহিলাসকলৰ ক্ষেত্ৰত কি বিহিত পদক্ষেপ গ্ৰহণ কৰে সেয়া হ’ব পৰৱৰ্তী সময়ত লক্ষণীয় ।