অসম

নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত ধেমাজি আঞ্চলিক ছাত্ৰ সন্হাৰ বাইক ৰেলী

asomiyapratidin

ডিজিটেল সংবাদ,ধেমাজিঃ নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত শনিবাৰে বিয়লি এক বজাৰ পৰা ধেমাজি আঞ্চলিক ছাত্ৰ সন্হাৰ প্ৰায় দুই শতাধিক কৰ্মীয়ে হাতে হাতে প্লে'কাৰ্ড লৈ ধেমাজি থানা তিনি আলিস্হ শ্বহীদ উদ্যানৰ সমীপৰ পৰা ধেমাজি নগৰ খনৰ লগতে দক্ষিন ধেমাজি , কোৱাফলা , মাটিখোলা , বেতনি , দুসূতিমুখ , বঙ্গালমাৰী কে ধৰি ভিতৰোৱা অঞ্চলত কা' বিৰোধী শ্লোগান দি বাইক ৰেলী কাৰ্যসূচী গ্ৰহণ কৰে ৷

কাৰ্য্যসূচীৰ আগমুহূৰ্তত শ্বহীদ উ্দ্যানৰ সমূখৰ স্হলীতে এখনি প্ৰতিবাদী সভা অনুষ্ঠিত কৰে ৷ধেমাজি আঞ্চলিক ছাত্ৰ সন্হাৰ সাধাৰণ সম্পাদক কৰুণজ্যোতি চেতিয়াই আঁত ধৰা সভাখনিত ধেমাজি জিলা ছাত্ৰ সন্হাৰ সভাপতি দীপক শৰ্মাই বাইক ৰেলী উদ্ধোধন কৰি বক্তব্যত বিগত সময়ত ৰাজ্যৰ হাজাৰ হাজাৰ জনসাধাৰনে জাতি ধবংসী আইন 'কা' প্ৰতিবাদৰ দাবীত আন্দোলন কৰিছিল যদিও বিজেপি চৰকাৰ খনে কোনো কেৰেপকে নকৰি ৰাইজক আভুৱাভাৰি এই আন্দোলন স্তিমিত কৰাৰ চেষ্টা কৰে ৷

বিজেপি চৰকাৰ খনৰ দমন নীতি বিৰুদ্ধে ইতিমধ্যে অসম বাসী ৰাইজে অৱগত হৈছে বুলি উল্লেখ কৰি বিজেপি চৰকাৰ দলক প্ৰত্যাহ্বান জনাই নিৰ্বাচনী সভাই সভাই ৰাইজক 'কা' প্ৰত্যাহাৰ কৰিম বুলি প্ৰতিশ্ৰুতি দিবলৈ তেওঁ সকিয়াই দিয়ে ৷