অসম

দিখৌমুখৰ ভয়াৱহ অগ্নিকাণ্ডত গুটিধানৰ ভঁৰালসহ জীৱন্তে জাহ গ’ল ১৮টাকৈ পশুধন

asomiyapratidin

ডিজিটেল সংবাদ, গৌৰীসাগৰঃ শিৱসাগৰ জিলাৰ গৌৰীসাগৰ অন্তৰ্গত দিখৌমুখৰ মগলৌগাঁৱত মঙলবাৰে নিশা সংঘটিত হয় এক কৰুণ ঘটনা। গাঁওখনৰ কমল ভঁৰালী নামৰ লোকজনৰ ভঁৰালগৃহৰ লগত সংলগ্ন গোহালীগৃহত সংঘটিত অগ্নিকাণ্ডত পৰিয়ালটোৰ ১৮টাকৈ পশুধন জীৱন্তে জাহ যায়।

লগতে গোটেই ধানৰ ভঁৰালটোত থকা ধান আৰু লক্ষাধিক টকাৰ সা-সামগ্ৰী জুইত পুৰি ছাই হয়। নিশা ২ মান বজাত প্ৰতিবেশী পৰিয়ালেহে প্ৰথম এই অগ্নিকাণ্ড প্ৰত্যক্ষ কৰি চিঞৰ বাখৰ কৰাত সেই সময়ত নিদ্ৰাৰত অৱস্থাত থকা কমল ভঁৰালীৰ পৰিয়ালে অগ্নিকাণ্ড বিষয়ে গম পাই।

উক্ত অগ্নিকাণ্ড ইমানেই ভয়াৱহ আছিল যে, পৰিয়ালটোৱে গোহালীত বান্ধি থোৱা এজনী গাই, এটা দমৰা, ৫টা ছাগলী, ১০টা হাঁহকে ধৰি কোনো এটা পশুধনকে জুইৰ পৰা উদ্ধাৰ কৰিব নোৱাৰিলে। পৰিয়ালটোৰ ভঁৰালগৃহত থকা ৩৬ কুইণ্টল গুটিধানো মুহূৰ্ততে পুৰি ছাই হৈ পৰে।

অগ্নিকাণ্ডৰ খবৰ বিয়পি পৰাৰ লগে লগে জুই নিৰ্বাপনৰ বাবে স্থানীয় লোকে চেষ্টা কৰাৰ সমান্তৰালকৈ গৌৰীসাগৰ আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে। ঘটনাস্থলীত আহি আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনী অগ্নিনিৰ্বাপন কৰে যদিও পশুধন আৰু ধানকে ধৰি কেবালাখ টকাৰ সম্পত্তি ইতিমধ্যে পুৰি ছাই হয়।

দৈব্যক্ৰমে পৰিয়ালটোৰ মাত্ৰ এটা বলধ, এজনী জাৰ্চী গাই আৰু এটা ছাগলী পোৱালিহে এই অগ্নিকাণ্ডৰ পৰা ৰক্ষা পৰে। কেনেকৈ এই অগ্নিকাণ্ডৰ সূত্ৰপাত হ'ল সেয়া এতিয়াও জানিব পৰা হোৱা নাই। উল্লেখযোগ্য যে, সামৰিক বাহিনীৰ অৱসৰপ্ৰাপ্ত জোৱান কমল ভঁৰালীৰ পৰিয়ালটোক এই অগ্নিকাণ্ডই মুহূৰ্তৰ ভিতৰতে সৰ্বস্বান্ত কৰিলে।

স্থানীয় ৰাইজে পৰিয়ালটোক সকাহ দিবৰ বাবে শিৱসাগৰ জিলা প্ৰশাসনক উপযুক্ত ক্ষতিপূৰণৰো দাবী জনাইছে। এই অগ্নিকাণ্ডত জীৱন্তে জাহ যোৱা পশুধনৰ ছবি ইমানেই বিভৎস যে সেয়া প্ৰকাশৰো উপযুক্ত নহয়। অগ্নিকাণ্ডৰ পাছত সৰ্বস্বান্ত হোৱা পৰিয়ালটোৱে বছৰটোৰ বাবে সাচি থোৱা ধান আৰু পশুধন হেৰুৱাই এতিয়া দিশহাৰা হৈ পৰিছে।