অসম

পাটকাইৰ বুকুত কাঠ-কয়লা মাফিয়াৰ দপদপনি, নিৰ্বিকাৰ বন বিভাগ

asomiyapratidin

ডিজিটেল সংবাদ, গুৱাহাটী/তিনিচুকীয়াঃ তিনিচুকীয়া জিলাৰ ডিগবৈ বন সংমণ্ডলৰ অধীনৰ পশ্চিম মাৰ্ঘেৰিটা বন আঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত একাংশ দুৰ্নীতিগ্ৰস্ত বন বিষয়া তথা কৰ্মচাৰীৰ পৃষ্ঠপোষকতাত শেহতীয়াকৈ একাংশ অসাধু ব্যৱসায়ীয়ে বন ধ্বংস কাৰ্যত লিপ্ত হৈ পৰাৰ লগতে ঐতিহাসিক পাটকাই পাহাৰত নীতিবৰ্হিভূত ভাবে খনন কাৰ্য চলাই চোৰাং কয়লাৰ এক ছিণ্ডিকেট চলাই অহাৰ গুৰুতৰ অভিযোগ উঠিছে।

বিশেষকৈ পশ্চিম মাৰ্ঘেৰিটা বনাঞ্চলিক কাৰ্যালয়ৰ অধীনত বিট অফিচাৰ জনৈক গগৈৰ তত্বাৱধানতে চিণ্ডিকেট চক্ৰ চলি থকাৰ এক অভিযোগ উত্থাপিত হৈছে। ধনৰ বলত শীৰ্ষ পৰ্যায়ৰ বিষয়াক মেনেজ কৰি নিৰ্বিঘ্নে ছিণ্ডিকেটৰাজ চলাই যোৱাৰ বুলি চৰ্চা চলিছে গগৈৰ বিৰুদ্ধে।

উত্থাপিত অভিযোগ অনুসৰি, পশ্চিম মাৰ্ঘেৰিটা বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত বিশেষকৈ মাকুম কিল্লাৰ পাৱৈমূখ, বৰপথাৰমূখ, আগবন্ধা, নৰালতা আদি অঞ্চলত দিনে-নিশাই হস্ত ইঞ্জিন চালিত কৰতেৰে বন ধ্বংস কাৰ্য অব্যাহত ৰখাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। ইপিনে পশ্চিম মাঘেৰিটা অঞ্চলৰ লেখাজান বনখণ্ডৰ বিভিন্ন অঞ্চলত বিভাগীয় বিষয়া-কৰ্মচাৰীৰ সৈতে একাংশ কুখ্যাত কাঠ মাফিয়াৰ গোপন বুজাবুজিৰে সংৰক্ষিত বনাঞ্চলৰ পৰা মূল্যবান গছ কাটি অৰুণাচল প্ৰদেশলৈ সৰবৰাহ কৰি অসমৰ কাঠেৰে অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ নামটক ৰাজহ চক্ৰৰ অন্তৰ্গত দহ মাইলস্থিত নামদাং ভিনাৰ, তুহি ভিনাৰ, চাংলাং ভিনাৰ, লালপুল ভিনাৰ, ৰংফ্ৰা ভিনাৰ আদি ভিনাৰ মিলত প্লাইউদ তৈয়াৰ কৰি ৰাজ্যৰ বিভিন্ন ঠাইলৈ সৰবৰাহ কৰি অৰুণাচলৰ ৰাজভঁ‌ড়াল টনকিয়াল কৰি অহা বুলিও চৰ্চা চলিছে।

আনহাতে বিভাগীয় একাংশ কেজুৱেল কৰ্মীয়ে উত্থাপন কৰা অভিযোগ অনুসৰি বিভাগীয় লোকৰ চকুৰ আগতে ইঞ্জিন চালিত হাত কৰতেৰে অহৰ্নিশে কাঠ কাটি থকাৰ খবৰ শীৰ্ষ বিষয়াক অৱগত কৰা হয় যদিও বন কৰ্মীৰ নাটনিৰ অজুহাতত কোনো দিনেই এনে চোৰাং কাঠ মাফিয়াৰ বিৰুদ্ধে বিহিত ব্যৱস্থা নোলোৱা বুলি স্পষ্টকৈ অভিযোগ কৰে। অৱশ্যে কমিছন কৰ্তনৰ ভয়ত সংশ্লিষ্ট বিভাগে এনে চোৰাং বন মাফিয়াৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা নোলোৱাৰ অভিযোগ নতুন নহয়।

অন্যহাতে ঐতিহাসিক পাটকাই পাহাৰত এচাম চোৰাং কয়লা মাফিয়াই এক্সেভেটৰৰে খনন কাৰ্য চলাই প্ৰাকৃতিক ভাৰসাম্যতা বিনষ্ট কৰাৰ লগতে আপুৰুগীয়া বন্য প্ৰাণীৰ জীৱনলৈও নমাই আনিছে এক ভয়ংকৰ দুৰ্যোগ। যাৰফলত প্ৰকৃতিপ্ৰেমী সংগঠন সমূহে আশ্চৰ্য প্ৰকাশ কৰাই নহয় এনে দুস্কৃতিকাৰীৰ বিৰোদ্ধে কঠোৰ পদক্ষেপ ল'বৰ বাবে দাবী জনাইছে। প্ৰকৃতিপ্ৰেমী সংগঠনৰ লগতে সমাজ সচেতন ব্যক্তিয়ে প্ৰকৃতি ধ্বংসযজ্ঞ বন্ধ কৰাৰ দাবীৰে বিভিন্ন সময়ত প্ৰশাসনক অৱগত কৰি আহিছে যদিও প্ৰশাসনেও এনে প্ৰকৃতি ধ্বংসকাৰীৰ বিৰুদ্ধে কোনো ধৰণৰ পদক্ষেপ নোলোৱাৰ অভিযোগ উত্থাপন কৰিছে একাংশ সচেতন ব্যক্তিয়ে।