প্ৰথম ৰানাৰ্চ আপ খিতাপ লাভ দীপামণি কাকতিৰ
প্ৰথম ৰানাৰ্চ আপ খিতাপ লাভ দীপামণি কাকতিৰ 
অসম

"ছাউথ এছিয়া ছেনছেচন" সৌন্দৰ্য্য প্ৰতিযোগিতাত প্ৰথম ৰানাৰ্চ আপ খিতাপ অৰ্জন দীপামণি কাকতিৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ, চিৰাংঃ অলপতে নতুন দিল্লীৰ ইনস্পায়াৰ গ্ৰুপৰ দ্বাৰা আয়োজিত "ছাউথ এছিয়া ছেনছেচন" শীৰ্ষক সৌন্দৰ্য্য প্ৰতিযোগিতাত কোকৰাঝাৰ জিলাৰ ছালাকাটি এগৰাকী যুৱতীয়ে সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে । বিভিন্ন দেশ তথা ৰাজ্যৰ ৪০ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা নতুন দিল্লীৰ শ্বাহ অডিটৰিয়ামত অনুষ্ঠিত উক্ত সৌন্দৰ্য্য প্ৰতিযোগিতাত ।

এই প্ৰতিযোগিতাখনিত অংশ লৈ প্ৰথম ৰানাৰ্চ আপৰ খিতাপ জিনিবলৈ সক্ষম হয় উদীয়মান মডেল দীপামণি কাকতিয়ে । কোকৰাঝাৰ জিলাৰ ছালাকাটি বজাৰৰ বাসিন্দা দুলাল কাকতি আৰু পুৰ্ণিমা কাকতিৰ একমাত্ৰ কন্যা দীপামণি কাকতিয়ে সৰুৰে পৰা মডেলিঙৰ প্ৰতি আছিল আকৰ্ষণ ।

সৌন্দৰ্য্য প্ৰতিযোগিতা

নতুন দিল্লীত এই আন্তৰ্জাতিক পৰ্যায়ৰ সৌন্দৰ্য্য প্ৰতিযোগিতাত প্ৰথম ৰানাৰ্চ আপৰ সন্মান কঢ়িয়াই অনাৰ পিছত প্ৰৱল আত্মবিশ্বাসী দীপামণি কাকতিৰ এই সাফল্যৰ খবৰ লাভ কৰি ছালাকাটি অঞ্চলৰ ৰাইজে শুভেচ্ছা জ্ঞাপন কৰে ।

বাসুগাঁও মহাবিদ্যালয়ৰ স্নাতক চতুৰ্থ ষাণ্মাসিকৰ ছাত্ৰী দীপামণি কাকতি । অসম কন্যাৰ এই সাফল্যৰ পিছত বাসুগাঁও মহাবিদ্যালয়ৰ প্ৰবক্তা আৰু সহপাঠী সকলে অভিনন্দন জ্ঞাপন কৰে আৰু তাইৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে ।

এই সফলতাৰ পিছত দীপামণি কাকতিয়ে কয় যে এনেধৰণৰ সন্মানে মোৰ মনত সংগোপনে প্ৰতিপালন কৰি ৰখা সপোনবোৰ বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত সহায়ক হ'ব ।লগতে দীপামণিৰ এই যাত্ৰাত পিতৃ-মাতৃ আৰু দাদা তথা পৰিয়ালৰ সহায় সহযোগ অপৰিসীম আছিল বুলি উল্লেখ কৰে ।