অসম

ছয়গাঁৱৰ কলহী নদীত মৃত শিহু উদ্ধাৰ

Asomiya Pratidin

ডিজিটেল সংবাদ,ছমৰীয়াঃ কামৰূপ জিলাৰ ছয়গাঁও সমষ্টিৰ ভেৰভেৰীত কলহী নদীত এটা মৃত শিহু উদ্ধাৰ। বিশ্ব আৰ্দ্ৰভূমি দিৱসৰ দিনটোতে এই অঘটন।

প্ৰথম অৱস্থাত স্থানীয় ৰাইজে মৃত শিহুটো নৈত উপঙি থকা দেখি বন বিভাগক খবৰ দিয়ে। উল্লেখ্য যে শিহুটোৰ মৃত্যুৰ প্ৰকৃত কাৰণ বৰ্তমানলৈ জানিব পৰা হোৱা নাই যদিও কলহী নৈত অত্যধিকভাৱে মেচিনেৰে বালি খননৰ ফলতে এই দুষ্প্ৰাপ্য প্ৰাণী বিধৰ মৃত্যু হোৱা বুলি সন্দেহ একাংশৰ।

অৱশ্যে মৃত শিহুটো বৰ্তমান কুলশী বনাঞ্চলিক কাৰ্যালয়লৈ লৈ যোৱা হৈছে বুলি জানিব পৰা গৈছে।