অসম

শিলচৰ ষ্টেচনত ৰে’লৰ শৌচালয়ত অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ…

asomiyapratidin

ডিজিটেল সংবাদ, শিলচৰঃ বুধবাৰে শিলচৰ ৰে'ল ষ্টেচনত ৰৈ থকা এখনৰ ৰেলৰ দবাৰ ভিতৰত উদ্ধাৰ হয় এজন অচিনাক্ত যুৱকৰ মৃতদেহ৷ দুল্লভচৰা-শিলচৰ যাত্ৰীবাহী ৰেলখনৰ শৌচালয়ৰ ভিতৰৰ পৰা বুধবাৰে উদ্ধাৰ হয় অনুমানিক আঠাইশ-ত্ৰিশ বছৰীয়া যুৱকৰ মৃতদেহ ৷

জানিব পৰামতে, মঙলবাৰে নিশা ৰে'লখন শিলচৰ ষ্টেচন পোৱাৰ পিচত কৰ্তব্যৰত ৰে'লকৰ্মী সকলে দবাবোৰ পৰীক্ষা কৰোতেই এনএফ জিএছ ০৭৪০৭ নম্বৰৰ দবাটোৰ শৌচালয়ত যুৱকজনৰ মৃতদেহ প্ৰত্যক্ষ কৰে ৷ পিছত লগে লগে আৰ পি এফ আৰু জি আৰ পি এফৰ লগতে তাৰাপুৰ আৰক্ষীকো খবৰ দিয়া হয়৷

আটাই কেইটা বিভাগে প্ৰাথমিক তদন্ত কৰি দবাটোৰ সকলো দুৱাৰ খিৰিকী বন্ধ কৰি ৰাখে ৷ ইফালে, বুধবাৰে দণ্ডাধীশৰ উপস্থিতিত জি আৰ পিয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালয়লৈ প্ৰেৰণ কৰে ৷

অচিনাক্ত যুৱকৰ মৃতদেহৰ মুখমণ্ডলত কিছু আঘাতৰ চিন প্ৰত্যক্ষ কৰা গৈছে৷ এয়া হত্যা নে আত্মহত্যা সেয়া এতিয়া নিশ্চিত হোৱা নাই ৷ আৰক্ষীয়ে সন্দেহ কৰা মতে, মাত্ৰাধিক নিচা জাতীয় সামগ্ৰী সেৱনৰ ফলতো যুবকজনৰ মৃত্যু হ'ব পাৰে ৷ মৰণোত্তৰ পৰীক্ষাৰ পিছত মৃতদেহ চিনাক্ত কৰাৰ বাবে ৭২ ঘন্টাৰ বাবে এছ এম চি হস্পিতালৰ মৰ্গত ৰখা হ'ব বুলি জি আৰ পি সূত্ৰই সদৰী কৰিছে ৷