অসম

লামডিং-পাথৰখোলাৰ ৰে’ল ষ্টেচনৰ মাজত অচিনাক্ত মৃতদেহ উদ্ধাৰ

asomiyapratidin

ডিজিটেল সংবাদ, লামডিংঃ মঙলবাৰে লামডিং আৰু পাথৰখোলা ৰে'লৱে ষ্টেচনৰ মাজত এক অঘটন সংঘটিত হয়। ৰে'ল আৰক্ষীয়ে এজন অচিনাক্ত লোকৰ মৃতদেহ উদ্ধাৰ কৰাক লৈ লামডিঙত চাঞ্চল্যৰ সৃষ্টি হৈছে৷ ব্যক্তিজনৰ পৰিচয় এতিয়ালৈকে ৰে'ল আৰক্ষীয়ে উদ্ধাৰ কৰিব পৰা নাই যদিও ব্যক্তিজনৰ পকেটৰ পৰা আৰক্ষীয়ে সৰুপথাৰ পৰা লামডিঙলৈ বুলি যাত্ৰা কৰা ১৭ মাৰ্চৰ এখন ট্ৰেইনৰ টিকট উদ্ধাৰ কৰিছে৷

আৰক্ষীয়ে সন্দেহ কৰিছে যে, চলন্ত ৰে'লৰ পৰা পৰিয়ে ব্যক্তিজনৰ মৃত্যু হৈছে৷ কিন্তু ৰহস্যজনক ভাৱে দুদিন পূৰ্বেও লামডিঙৰ এজন যুৱকে ৰে'লৰ খুন্দাত মৃত্যুক আকোৱালি লব লগা হৈছিল৷ কিন্তু দুয়োজন ব্যক্তিৰ পৰা আৰক্ষীয়ে টকা বা বেগৰ একো সন্ধান পোৱা নাছিল৷ বৰ্তমান মৃতদেহটো লামডিং ৰে'লৱে আৰক্ষী থানাৰ মৰ্গত ৰখা হৈছে৷ মৃত ব্যক্তিজনৰ পৰিচয় যদি কোনো লোকে পায় তেনেহলে অতি সোনকালে লামডিং ৰেল আৰক্ষীৰ লগত যোগাযোগ কৰিবলৈ আহ্বান জনায় আৰক্ষীয়ে৷