অসম

তেজপুৰত উদ্ধাৰ দুদিন ধৰি সন্ধানহীন ব্যক্তিৰ মৃতদেহ

asomiyapratidin

ডিজিটেল সংবাদ, তেজপুৰঃ তেজপুৰৰ গটঙাত আজি বিয়লি এটা মৃতদেহ উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হৈছে ব্যাপক চাঞ্চল্যৰ৷ মৃতদেহটো তেজপুৰ গটঙা তামুলীজানৰ নিবাসী ৰমণীকান্ত ভূঞা (৪৮) বুলি চিনাক্ত কৰা হৈছে।

উল্লেখ্য যে যোৱা শনিবাৰৰ পৰা সন্ধানহীন হৈ আছিল দুটা সন্তানৰ পিতৃ ৰমণীকান্ত নামৰ লোকজন। অৱশেষত সোমবাৰে অঞ্চলটোৰ পাঠকচুবুৰী পথাৰৰ এটা পুখুৰী সদৃশ পৰিত্যক্ত দ' গাঁতৰ পৰা উদ্ধাৰ হয় মৃতদেহটো।

অৰ্ধগলিত অৱস্থাত গাঁতত ৰহস্যজনকভাৱে মৃতদেহটো উদ্ধাৰ হোৱাত পৰিয়ালৰ লোক আৰু গাওঁবাসীয়ে এয়া এক হত্যাকাণ্ডৰ ঘটনা বুলি সন্দেহ কৰিছে৷ ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে৷