অসম

ঢকুৱাখনাৰ চাৰিকৰীয়া নদীত সন্ধানহীন যুৱকৰ মৃতদেহ উদ্ধাৰ

asomiyapratidin

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ ঢকুৱাখনা চাৰিকড়ীয়া নৈত উদ্ধাৰ হৈছে এগৰাকী যুৱকৰ মৃতদেহ। ইতিমধ্যে ঢকুৱাখনাৰ সন্ধানহীন হৈ থকা ভবেশ দাস (২৬) নামৰ যুৱকজনৰ মৃতদেহ বুলি এইটো চিনাক্ত কৰা হৈছে। ঢকুৱাখনা ৰামপুৰ শিমলুগুৰিৰ চেনিৰাম দাসৰ পুত্ৰ ভবেশ দাসে যোৱা ১৯ মে'ৰ গধুলি ৮.৩০ মান বজাত ওচৰৰে হুজ গাঁৱৰ বিহু সন্মিলনৰ পৰা চাৰিকড়ীয়া নৈৰ বলাই ঘাটৰ বাঁহৰ দলঙেৰে পাৰ হৈ নিজ গৃহলৈ গৈ থকা অৱস্থাত মটৰ চাইকেলৰ সৈতে দলঙৰ পৰা পৰি নিহত হোৱাৰ সন্দেহ কৰা হৈছিল।

মঙলবাৰে দুপৰীয়া বলাই ঘাটৰ উক্ত বাঁহৰ দলঙৰ তলত অনুসন্ধান কৰি মৃত যুৱকজনৰ বাইকখন উদ্ধাৰ হোৱাত যুৱকজন চাৰিকড়ীয়া নৈতে সন্ধানহীন হোৱাৰ সন্দেহ কৰি এছ ডি আৰ এফ বাহিনীয়ে উদ্ধাৰ কাৰ্য চলাই বুধবাৰে বিয়লি ৪ মান বজাত উদ্ধাৰ কৰিবলৈ সক্ষম হয় যুৱকজনৰ মৃতদেহ।

বৰ্তমান ঢকুৱাখনা মহকুমা অসামৰিক দণ্ডাধীশৰ উপস্থিতিত পৰিয়ালৰ লোকে ভবেশ দাসৰ নশ্বৰ দেহ চমজি লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে উত্তৰ লখিমপুৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে।