dog
dog 
অসম

মঙলদৈত চাঞ্চল্য! কুকুৰে খালে নৱজাতকৰ মৃতদেহ

Asomiya Pratidin

ডিজিটেল সংবাদ, মঙলদৈ: মঙলদৈত শুকুৰবাৰে পুৱা এটি নৱজাতকৰ মৃতদেহ উদ্ধাৰ হোৱাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। মঙলদৈৰ চপাই শালৈ পাৰাত মৃত অৱস্থাত উদ্ধাৰ হয় নৱজাতকটি। কুকুৰে মৃত নৱজাতকৰ মুখত লৈ অহা প্ৰতক্ষ কৰে স্থানীয় ৰাইজে।

পিছত কুকৰটো খেদি দিয়াত পুনৰ মৃত নৱজাতকটি কুকুৰে মুখত লৈ মঙলদৈ বেগা নদীৰ পাৰত লৈ যায়।ইয়াৰ পাছতেই ঘটনা স্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

কুকুৰটোৱে মৃতদেহটো ক'ৰ পৰা আনিলে আৰু নৱজাতকটি কাৰ হয় এতিয়াও সেই বিষয়ে জানিব পৰা হোৱা নাই।

আৰু পঢ়ক: সাহিত্যৰ স্থান নাই, ৰাজনীতিহে এতিয়া সাহিত্য সভা...