অসম

অফিচৰ পৰা ওলাই যোৱাৰ কিছু সময় পাছতেই উদ্ধাৰ যুৱকৰ মৃতদেহ...

Asomiya Pratidin

ডিজিটেল ডেস্ক: মহানগৰীত পুনৰ উদ্ধাৰ মৃতদেহ। বুধবাৰে গুৱাহাটীৰ শুক্লেশ্বৰ মন্দিৰৰ সমীপৰ ব্রহ্মপুত্রত মৃতদেহ উদ্ধাৰ হয়।

ব্রহ্মপুত্রৰ পানী জুৱলীত ওপঙি থকা অৱস্থাত উদ্ধাৰ হয় মৃতদেহটো। মৃতদেহটো ৰাজকুমাৰ আগৰৱালা নামৰ এজন লোকৰ বুলি চিনাক্ত কৰা হৈছে।

ৰাজকুমাৰ আগৰৱালা পাণবজাৰৰ খুশী এণ্টাৰপ্রাইজৰ কৰ্মচাৰী আছিল। দুপৰীয়া কাৰ্যালয়ৰ পৰা ওলাই গৈছিল আগৰৱালা আৰু তাৰপাছতেই বিয়লি ৪.৩০ বজাত উদ্ধাৰ হয় ৰাজকুমাৰ আগৰৱালাৰ মৃতদেহ।

ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে আৰু মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। তাৰ পাছতহে পোহৰলৈ আহিব এয়া হত্য়া নে আত্মহত্যা।

আৰু পঢ়ক: আৰক্ষীৰ জালত গেং অফ ডেভিলছৰ ১১ জন সদস্য...