অসম

বন্ধুৰ ফোনত ঘৰৰ পৰা ওলাই যোৱা কপিল আৰু ঘূৰি নাহিল, উদ্ধাৰ মৃতদেহ...

Asomiya Pratidin

ডিজিটেল সংবাদ, কলিয়াবৰঃ কলিয়াবৰত ব্ৰহ্মপুত্ৰৰ পাৰত শুকুৰবাৰে ৰহস্যজনকভৱে এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। অৱশ্যে মৃতদেহটো নগাঁৱৰ মিলনপুৰৰ কপিল কুমাৰ যাদৱৰ বুলি পৰিয়ালে ইতিমধ্যে চিনাক্ত কৰিছে। পৰিয়ালৰ অভিযোগ, কোনো দুৰ্বৃত্তই কপিলক হত্যা কৰি ব্ৰহ্মপুত্ৰত উটুৱাই দিছে।

জানিব পৰা মতে সোমবাৰৰ পৰাই সন্ধানহীন হৈ আছিল যুৱকজন। কোনো বন্ধুৰ ফোনকল লাভ কৰিয়েই নগাঁৱৰ মিলনপুৰৰ ঘৰৰ পৰা ওলাই গৈছিল কপিল। তাৰ পিচৰে পৰা কোনো সন্ধান নাছিল যুৱক জনৰ।

আনহাতে বৃহস্পতিবাৰে সন্ধিয়া শিলঘাটৰ ত্ৰিশূলধাৰীত পৰিত্যক্ত অৱস্থা উদ্ধাৰ হৈছিল কপিল কুমাৰ যাদৱৰ এএছ ০২ এন ২৯২৬ নম্বৰৰ গ্লেমাৰ বাইকখন। প্ৰাপ্ত অভিযোগ মতে কালি বাইকখন শিলঘাট আৰক্ষীয়ে উদ্ধাৰ কৰাৰ দুদিন পুৰ্বৰে পৰা পৰিত্যক্ত অৱস্থাতে বাইকখন সেই স্থানত পৰি থকা কথাই ৰহস্যৰ সৃষ্টি কৰিছে। আজি শিলঘাটৰ ত্ৰিশূলধাৰীত ব্ৰহ্মপুত্ৰৰ পাৰত ৰহস্যজনক ভৱে উদ্ধাৰ হয় নিৰুদিষ্ট কপিলৰ মৃতদেহ।

কপিলৰ পিতৃ-মাতৃ ঘটনাস্থলিত উপস্থিত হৈ চিনাক্ত কৰে মৃতদেহটো। লগতে ব্ৰহ্মপুত্ৰ পাৰত উদ্ধাৰ হৈছে কপিলৰ কাপোৰৰ লগতে অন্যন্য সামগ্ৰী। ইফালে শিলঘাট আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ইতিমধ্যে প্ৰেৰণ কৰিছে।

আৰু পঢ়ক: মহাবীৰ লাচিত বৰফুকনৰ ৪০০বছৰীয়া জন্ম জয়ন্তীৰ শুভাৰম্ভ