অসম

দুৰ্নীতিত লিপ্ত বইটামাৰী ৰাজহ কাৰ্যালয়ৰ লাট মণ্ডল আমিনুল খানক নিলম্বন

asomiyapratidin

ডিজিটেল সংবাদ, বঙাইগাঁওঃ দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ স্থিতি বঙাইগাঁও জিলাৰ উপায়ুক্ত আদিল খানৰ৷ মঙলবাৰে এগৰাকী পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে দুৰ্নীতিৰ এজাহাৰ দি আটক কৰোৱাৰ পিছত বুধবাৰে পুনৰ আন এক নিৰ্দেশমৰ্মে বঙাইগাঁও জিলাৰ বইটামাৰী ৰাজহ চক্ৰৰ লাট মণ্ডল আমিনুল খানক চাকৰিৰ পৰা নিলম্বিত কৰিছে।

নথি জালিয়তিৰ অভিযোগত আমিনুল খানক নিলম্বিত কৰে উপায়ুক্ত গৰাকীয়ে। উল্লেখ্য যে, লাট মণ্ডলগৰাকীৰ বিৰুদ্ধে দীৰ্ঘদিন ধৰি অভিযোগ উঠি আহিছিল।