অসম

দৌলাশালৰ ৰাজপথত জলন্ত মালবাহী বাহন, পুখুৰীত নমাইহে কোনো মতে ৰক্ষা, VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, চেঙাঃ নলবাৰী জিলাৰ দৌলাশালত সোমবাৰে এখন চলন্ত মালবাহী ভানত অগ্নিকাণ্ড সংঘটিত হয়। স্থানীয় লোকৰ তৎপৰতাত ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰে অঞ্চলটো। ঘটনাৰ বিৱৰণী মতে, বৰপেটা জিলাৰ ৰৌমাৰী পাথাৰৰ ব্ৰহ্মপুত্ৰৰ ঘাটৰ পৰা বৰপেটাৰ ভক্তৰডবালৈ এএছ-২৫-চিচি-৮৫৫২ নম্বৰৰ ভানখনে কঢ়িয়াই আনিছিল মৰাপাটৰ খৰি।

তাৰ পিছতে দপদপাই জুই জ্বলি উঠে জুই। ইমানেই ভয়াবহ হৈ পৰিছিল জুই যে বিপৰীত ফালত থকা বিদ্যুৎ পৰিবাহী তাৰ স্পৰ্শ কৰাৰ উপক্ৰম হয়। পিছত অৱশ্যে স্থানীয়লোকৰ পৰামৰ্শমতে চালকে বাহনখন দৌলাশাল আৰক্ষী চকীৰ সন্মুখত থকা এটি পুখুৰীত নমাই দিয়ে।

স্থানীয় একাংশ লোকে তৎপৰতাৰে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। অৱশ্যে কিছু পলমকৈ মুকালমুৱাৰ পৰা অহা অগ্নি নিৰ্বাপক বাহিনীয়ে অৱশিষ্ট জুই নিৰ্বাপিত কৰে।

অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই যদিও একাংশ স্থানীয় লোকৰ মতে অতি বেচি ওখকৈ মৰাপাটৰ খৰি অনা বাবেই ৰাস্তাৰ ওপৰেৰে পাৰ হৈ যোৱা বিদ্যুৎ পৰিবাহী তাঁৰত লাগি চৰ্ট হয় আৰু তাৰ পৰাই জুইৰ সূত্ৰপাত হয়। কাৰণ যিয়ে নহওক স্থানীয় একাংশ যুৱকৰ তৎপৰতাত অঞ্চলটো এক ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰে।