অসম

দৌলাশাল হাইস্কুলত কীৰ্তিমানক সম্বৰ্ধনা, বিভিন্ন বিষয়ত ভাল ফলাফল লাভ কৰা ছাত্ৰ-ছাত্ৰীক পুৰস্কাৰ

asomiyapratidin

ডিজিটেলে সংবাদ, চেঙাঃ সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত একাধিক বিষয়ত লেটাৰসহ ডিষ্টিংচন, ষ্টাৰ আৰু প্ৰথম বিভাগত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা দৌলাশাল হাইস্কুলৰ ১৪ গৰাকী শিক্ষাৰ্থীক মঙলবাৰে বিদ্যালয় কৰ্তৃপক্ষই আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনায়। এই উদ্দেশ্যে আয়োজিত সভাখনত সভাপতিত্ব কৰে দৌলাশাল হাইস্কুলৰ প্ৰধান শিক্ষক ভৱেন কুমাৰ কলিতাই। বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱক আৰু বিশিষ্ট নাগৰিকে অংশ লোৱা উক্ত গাম্ভীৰ্যপূৰ্ণ সভাখনত ডিষ্টিংচন, ষ্টাৰ নম্বৰপ্ৰাপ্ত আৰু প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলক গামোচা আৰু মানপত্ৰৰে সম্বৰ্ধনা জনোৱাৰ লগতে কেইবাগৰাকীও কীৰ্তিমানে পূৰ্বে ঘোষিত পুৰস্কাৰ লাভ কৰে।

এইবেলি সাধাৰণ গণিত বিষয়ত ১০০ নম্বৰেৰে বিদ্যালয়খনলৈ সুনাম কঢ়িয়াই অনা পৰী বৈশ্যই পুৰস্কাৰ হিচাপে লাভ কৰে পূৰ্বে ঘোষিত অনুসৰি নগদ ধন তিনি হাজাৰ টকা আৰু এটি কিতাপৰ টোপোলা। সাধাৰণ গণিত বিষয়ত ১০০ নম্বৰ লাভ কৰা শিক্ষাৰ্থীক এই ধন আগবঢ়াইছে বিদ্যালয়খনৰ গণিত শিক্ষক নৱ কুমাৰ কলিতাই। আনহাতে বিজ্ঞান শিক্ষক হৰগোৱিন্দ নাথে পূৰ্বতে ঘোষণা কৰা অনুসৰি বিজ্ঞান বিষয়ত ৯৫ শতাংশ নম্বৰ লাভ কৰা হিমাংশু বৈশ্যক প্ৰদান কৰে নগদ ধন এক হাজাৰ টকা আৰু কিতাপৰ টোপোলা।

সমান্তৰালভাৱে সমাজ বিজ্ঞান বিষয়ত লেটাৰ নম্বৰ লাভ কৰা আটাইকেইগৰাকীক কিতাপৰ টোপোলা প্ৰদান কৰে সমাজ বিজ্ঞানৰ শিক্ষয়িত্ৰী মিনতি নাথে। এইবেলি বিদ্যালয়খনৰ পৰা ৭৯গৰাকী পৰীক্ষাৰ্থীয়ে মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল।

তাৰ ভিতৰত পৰী বৈশ্য, হিমাংশু বৈশ্য, হৃতিকেশ বৈশ্য চানিদুল ইছলাম, চুমেজুদ্দিন আহমেদে আটাইকেইটা বিষয়ত লেটাৰ নম্বৰসহ পাঁচগৰাকী ডিষ্টিংচন আৰু ষ্টাৰ নম্বৰ প্ৰাপ্ত আকিদুল আলীসহ ১৪ গৰাকীয়ে প্ৰথম, ১৯ গৰাকীয়ে দ্বিতীয় আৰু ২২ গৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হয়।

সহকাৰী শিক্ষক ৰমণী নাথে আঁত ধৰা সম্বৰ্ধনা সভাখনত বিদ্যালয়খনৰ পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি প্ৰাণজিৎ নাথ, স্থানীয় সাংবাদিক লীলাধৰ পাঠক আৰু জ্যেষ্ঠ শিক্ষক অনন্ত ডেকাই ছাত্ৰ-ছাত্ৰীৰ উপযোগীকৈ বক্তব্য দাঙি ধৰে। কৃতি ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ বক্তব্যত তেওঁলোকৰ কৃতিত্বত নিজৰ লগতে শিক্ষক আৰু অভিভাৱকসকলৰ যথেষ্ট অৰিহণা থকা বুলি উল্লেখ কৰে। বিদ্যালয়খনৰ ছাত্ৰী মৃদুস্মিতা নাথ, গৰিমা নাথ, অনামিকা নাথে গীত পৰিৱেশন কৰি উপস্থিত সকলক আপ্লুত কৰে।