অসম

পুনৰ বন্ধ হ’ল উত্তৰ গুৱাহাটীৰ দৌল গোবিন্দ মন্দিৰৰ দুৱাৰ…

asomiyapratidin

ডিজিটেল ডেস্কঃ কোৰোনা কেন্দ্ৰিক পৰস্থিতিৰ বাবে উত্তৰ গুৱাহাটীৰ দৌল গোবিন্দ মন্দিৰ পুনৰ বন্ধ ঘোষণা। ৩১ জুলাইলৈ দৰ্শনাৰ্থীৰ বাবে বন্ধ থাকিব দৌলগোবিন্দ মন্দিৰ। কোৰোনাৰ দ্ৰুত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি মন্দিৰ পৰিচালনা সমিতিয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

নিজাববীয়াকৈ তেওঁলোকেলৈছে এই সিদ্ধান্ত। বন্ধৰ সময়ত মন্দিৰৰ নৈমিত্তিক কাৰ্যহে সম্পন্ন কৰিব পূজাৰীয়ে। উল্লেখ্য যে, যোৱা ৮ জুনত দৰ্শনাৰ্থীৰ বাবে খুলি দিয়া হৈছিল মন্দিৰৰ দুৱাৰ।