ছিপাঝাৰত আলট্ৰাৰ খুন্দাত এজন নিহতঃ গুৰুতৰভাৱে আহত আন এজন...
ছিপাঝাৰত আলট্ৰাৰ খুন্দাত এজন নিহতঃ গুৰুতৰভাৱে আহত আন এজন... 
দৰং

ছিপাঝাৰত আলট্ৰাৰ খুন্দাত এজন নিহতঃ গুৰুতৰভাৱে আহত আন এজন...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ছিপাঝাৰৰ দুমুনীচকী-কুৰুৱা সংযোগী পথত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত থিতাতে নিহত হৈছে এজন লোক।

জানিব পৰা মতে এখন তীব্ৰবেগী আলট্ৰা বাছে মহটিয়াই নিয়ে এখন মটৰ চাইকেলক। ফলত এজন লোক থিতাতে নিহত হোৱাৰ লগতে আন এজন লোক গুৰুতৰভাৱে আহত হৈছে।

দুৰ্ঘটনাত নিহত লোকজক জাহিৰ আলী বুলি চিনাক্ত কৰা হৈছে। অৱশ্যে আহত লোকজনৰ পৰিচয় এই পৰ্যন্ত উদ্ধাৰ হোৱা নাই।

দুৰ্ঘটনাস্থলীত উপস্থিত হৈছেগৈ স্থানীয় আৰক্ষী। আৰক্ষীয়ে উদ্ধাৰ কৰিছে নিহত জাহিৰ আলীৰ মৃতদেহ।