Orang National Park: উচ্ছেদৰ পূৰ্বে বেদখলকাৰীয়ে নিজে নিজে এৰিছে ঠাই...
Orang National Park: উচ্ছেদৰ পূৰ্বে বেদখলকাৰীয়ে নিজে নিজে এৰিছে ঠাই...  
দৰং

Orang National Park: উচ্ছেদৰ পূৰ্বে বেদখলকাৰীয়ে নিজে নিজে এৰিছে ঠাই...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ওৰাং ৰাষ্ট্ৰীয় উদ্যান (Orang National Park)ত ২৯ মে'ৰ পৰা চলিব উচ্ছেদ অভিযান। দৰং জিলা প্ৰশাসনে এই সন্দৰ্ভত জাৰি কৰিছে এক জাননী। জিলা প্ৰশাসনৰ পৰা জনোৱা অনুসৰি ২৯ মে'ৰ পৰা ৩১ মে'লৈ ৰাষ্ট্ৰীয় উদ্যানখনৰ অন্তৰ্গত ১২ খন সৰু-বৰ চৰত চলিব এই উচ্ছেদ অভিযান।

এই জাননী লাভ কৰাৰ পাছতে উচ্ছেদ অভিযান চলাবলগীয়া অঞ্চলৰ লোকসকলে তেওঁলোকৰ সা-সামগ্ৰী স্থানান্তৰ কৰিবৰ বাবে প্ৰশাসনক নাৱৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনাইছে। এই অনুৰোধ ৰক্ষা কৰি জিলা প্ৰশাসনে ১০ খন নাৱৰ ব্যৱস্থা কৰিছে বুলি জনাইছে।

আনহাতে জাননী লাভ কৰাৰ পাছতে এই চৰ অঞ্চলৰ লোকসকলে সেই ঠাই এৰিবলৈ আৰম্ভ কৰিছে। ইফালে এই উচ্ছেদ সম্পৰ্কত দৰঙৰ উপায়ুক্ত মুনিন্দ্ৰ নাথ নাঙতেয়ে ( Darrang Deputy Commissioner Munindra Nath Ngatey) জনাইছে যে, ভূমিহীন উচ্ছেদিত লোকসকলক মৰিগাঁৱত সংস্থাপন কৰা হ'ব।

তেওঁ প্ৰকাশ কৰা অনুসৰি এই অঞ্চল কেইটাত বাস কৰি থকা লোকসকলে খেতি কৰিবলৈ আহি ৰাষ্ট্ৰীয় উদ্যানখনৰ কাষৰীয়া চৰ অঞ্চলত থিতাপি লৈছে। যদিও উচ্ছেদ অভিযান ২৯ মে'ৰ পৰা আৰম্ভ হ'ব কিন্তু তাৰ পূৰ্বেই এই লোকসকলে এই অঞ্চল এৰিবলৈ আৰম্ভ কৰিছে। তেওঁলোকে নিজৰ গাঁৱলৈ ঢাপলি মেলিছে।

ইফালে এই উচ্ছেদ সম্পৰ্কত দলগাঁৱৰ বিধায়ক মজিবুৰ ৰহমানে (Mazibur Rahman) অসম চৰকাৰক ভূয়সী প্ৰশংসা কৰিছে। তেওঁ কয়, এইবাৰ মানুহবোৰক উচ্ছেদ কৰিব লগীয়া হোৱা নাই। আমছু আৰু এ আই ইউ ডি এফ (AIUDF)ৰ নেতৃবৃন্দই লোৱা প্ৰচেষ্টাৰ ফলত মানুহবোৰে নিজে নিজেই উঠি গৈছে৷ তাৰোপৰি উচ্ছেদৰ পূৰ্বে মানুহবোৰক সংস্থাপন কৰি দিয়াৰ বাবেও তেওঁ মুখ্যমন্ত্ৰীক ধন্যবাদ জনায়৷