দৰং

শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীত উত্তাল মঙলদৈ...

Asomiya Pratidin

ডিজিটেল সংবাদ, মঙলদৈঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পাছতেই ৰাজ্যৰ বিভিন্ন প্ৰান্তত সাব্যস্ত হৈছে প্ৰতিবাদ। মঙলদৈত সোমবাৰে দৰং জিলা ছাত্ৰ সন্থা আৰু অন্ত মঙলদৈ ছাত্ৰ সন্থাই চেবা আৰু শিক্ষামন্ত্ৰীৰ প্ৰতিমূৰ্ত্তি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

মঙলদৈ ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত প্ৰতিমূৰ্ত্তি দাহ কৰি সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ সম্পাদক সত্য ৰঞ্জন ডেকাই কয় যে এইবেলি প্ৰত্যেক দিনে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হৈছে । অসমৰ চেবা নামৰ বৰ্ড খনৰ লগতে শিক্ষা বিভাগ যে চূড়ান্ত ব্যৰ্থ হৈছে তাৰ প্ৰমাণ যোৱা নিশা ফাদিল হোৱা সাধাৰণ বিজ্ঞানৰ প্ৰশ্ন কাকত ।

যাৰ বাবে শিক্ষা মন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে বুলি দাবী উত্থাপন কৰে প্ৰতিবাদকাৰী সকলে। লগতে চেবাৰ কোনে কাম নাই এটা পৰীক্ষাও সঠিক ভাবে অনুষ্ঠিত কৰিব নোৱাৰে সেয়েহে চেবা ভাঙি দিব লাগে বুলিও কও তেওঁলোকে।