ইউটিউবাৰ দীপজ্যোতি ডেকাৰ বিৰুদ্ধে অভিযোগ একাংশ দল-সংগঠনৰ
ইউটিউবাৰ দীপজ্যোতি ডেকাৰ বিৰুদ্ধে অভিযোগ একাংশ দল-সংগঠনৰ 
দৰং

ইউটিউবাৰ দীপজ্যোতি ডেকাৰ বিৰুদ্ধে অভিযোগ একাংশ দল-সংগঠনৰ

Asomiya Pratidin

ডিজিটেল সংবাদ, মঙলদৈঃ বিভিন্ন লোককৃষ্টিৰে চহকী দৰং জিলাৰ থলুৱা ভাষা কৃষ্টিক লৈ এচামে সামাজিক মাধ্যমত উপলুঙা কৰা পৰিলক্ষিত হৈছে। বিশেষকৈ দৰঙী ভাষা আৰু এই লোককৃষ্টি সমূহৰ প্ৰকৃত প্ৰচাৰ আৰু প্ৰসাৰৰ বিপৰীতে উপলুঙা কৰি ৰাইজৰ আগত হাঁহিয়াতৰ সমল কৰি প্ৰচাৰ কৰাত দৰঙৰ জাতীয় সংগঠন, বিভিন্ন দল সংগঠন ক্ষোভিত হৈ পৰিছে।

ভঙা টিভি নামৰ ইউটিউব চেনেলৰ দীপজ্যোতি ডেকাই ভাষাটোক বিকৃত কৰি প্ৰচাৰ কৰাৰ অভিযোগ উঠিছে। দুজনীকৈ তিৰোতা বিয়া কৰোৱা দেখুৱাই ঘৰুৱা কাজিয়াৰ প্ৰতীক হিচাপে লৈ দৰঙৰ পৰিয়াল আৰু সমাজ ব্যৱস্থাকেই বিকৃত কৰাৰ অভিযোগ উঠিছে।

আনকি একাংশ খাটি খোৱা লোকৰ জীৱিকা সন্দৰ্ভতো তাচুল্য সূচক ভিডিঅ প্ৰচাৰ কৰি সামাজিক মাধ্যমত উপলুঙা কৰি আহিছে। অভিযোগ অনুসৰি সস্তীয়া জনপ্ৰিয়তাৰে ইউটিবৰ পৰা মুনাফা লাভৰ উদ্দেশ্য এইদৰে বিকৃত কৰি আহিছে।

এই সম্পৰ্কত দৰং জিলা সাহিত্য সভা, আছু, যুৱ ছাত্ৰ পৰিষদ, দৰঙী কলা-কৃষ্টি উন্নয়ন সংঘ, মঙ্গলদৈ নাগৰিক মঞ্চ আদি সংগঠনে ইউটিউবাৰগৰাকীক দৰঙী ভাষা লোককৃষ্টিক বিকৃত আৰু উপলুঙা নকৰিবলৈ সকীয়াই দিয়ে। সাহিত্য সভাৰ সভাপতি ৰজনী কান্ত নাথে ইউটিউব এতিয়া এটা জনপ্ৰিয় সামাজিক মাধ্যম বুলি কৈ ইয়াৰ জৰিয়তে দৰঙী লোককৃষ্টি ভাষাটোক সঠিক ৰূপত প্ৰচাৰ আৰু প্ৰসাৰ কৰিবলৈ আহবান জনায়।

মঙলদৈ নাগৰিক মঞ্চৰ সভাপতি হৰেণ বণিয়াই অভিযোগ কৰি কয় যে কৌতুকৰ নামত ভঙা টিভিয়ে দৰঙী ভাষা কৃষ্টিক অৱমাননা কৰিছে। এনেধৰণৰ তাচ্চল্য সূচক প্ৰচাৰে নতুন প্ৰজন্মক ক্ষতিগ্ৰস্ত কৰিব আৰু দৰঙী ভাষা আৰু পৰিয়াল ব্যৱস্থাক নিঃচিহ্ন কৰি পেলাব। সেয়েহে তেনেধৰণৰ বিকৃত প্ৰচাৰ বন্ধ কৰিব লাগে বুলিও দাবী কৰে।

সেইদৰে উক্ত ইউটিউব চেনেলৰ জৰিয়তে দৰঙৰ কোনো ধৰণৰ ভাল কৃষ্টি সংস্কৃতি প্ৰচাৰ কৰাটো আমাৰ দৃষ্টি গোচৰ হোৱা নাই বুলি উল্লেখ কৰে। গতিকে ভঙা টিভিৰ সৈতে জড়িত সকলোকে কৌতুকৰ নামত এনে অলাগতিয়াল ভিডিঅ প্ৰচাৰ নকৰিবলৈ সকীয়াই দিয়ে।