দৰং

দৰং-ওদালগুৰিত বিপিএফত মোক্ষম আঘাট

Asomiya Pratidin

ডিজিটেল সংবাদ,‌ মঙলদৈঃ এইবাৰ দৰং-ওদালগুৰিত মোক্ষম আঘাট বি পি এফত। শনিবাৰে বিপিএফৰ প্ৰায় ডেৰ শতাধিক নেতা কৰ্মীয়ে বিজেপিত যোগদান কৰে। দৰঙৰ বিপিএফৰ উপসভাপতি তীৰ্থ বড়ো, সম্পাদক জ্যোতিষ শৰ্মা, কলাইগাঁও ব্লকৰ সভাপতি তাৰেনী ডেকা, ভদ্ৰকান্ত নাথ ৰাজ্যিক সদস্য, ৰুনু ডেকা ৰাজ্যিক সদস্য, সবিতা ডেকা জিলা সাংগঠনিক সম্পাদকসহ ডেৰ শতাধিকে নেতা-কৰ্মীয়ে বিজেপি দলত যোগদান কৰে।

ইয়াৰোপৰি বিভিন্ন ক্ষেত্ৰৰ বহু সংখ্যক লোকে শনিবাৰে বিজেপিৰ প্ৰতিষ্ঠা দিৱসৰ দিনটোত যোগদান কৰিব। দৰং বিজেপিৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা যোগদান কাৰ্যসূচীত উপস্থিত থাকে বিজেপিৰ প্ৰাৰ্থী দিলীপ শইকীয়া, ছিপাঝাৰ সমষ্টিৰ বিধায়ক পৰমানন্দ ৰাজবংশী, মীন নিগম উন্নয়ম বিভাগৰ অধ্যক্ষ গুৰুজ্যোতি দাস।