দৰং

কৃষি পৰিদৰ্শক-কৰ্মচাৰী পৰিষদৰ নেতা মদন চন্দ্ৰ বৰুৱাক বিদায় সম্বৰ্ধনা

Asomiya Pratidin

ডিজিটেল সংবাদ,‌মঙলদৈ : দৰং জিলা কৃষি বিভাগৰ কৃষি পৰিদৰ্শক, মঙলদৈ জিলা কৰ্মচাৰী পৰিষদৰ উপসভাপতি, সাহিত্য-সংস্কৃতি তথা সামাজিক ব্যক্তি মদন চন্দ্ৰ বৰুৱাক সোমবাৰে দৰং জিলা কৃষি বিভাগৰ সমূহ বিষয়া কৰ্মচাৰী আৰু আৱাসিক অঞ্চলৰ ৰাইজৰ উদ্যোগত বিদায় সম্বৰ্ধনা জ্ঞাপন কৰা হয়। এই উপলক্ষত সন্ধিয়া ৪:৩০ বজাত জিলা কৃষি বিভাগৰ বিষয়া কৰ্মচাৰী আৰু আৱাসিক অঞ্চলৰ ৰাইজৰ উপস্থিতিত বৰুৱাৰ বাসগৃহত এখন অভিনন্দন সম্বৰ্ধনা সভা অনুষ্ঠিত হয়।

অৱসৰপ্ৰাপ্ত যুটীয়া কৃষি সঞ্চালক জ্যোতিষ চন্দ্ৰ নাথৰ সভাপতিত্বত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ সম্বৰ্ধনা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে অৱসৰ প্ৰাপ্ত স্বাস্থ্য প্ৰশিক্ষক সুৰেন্দ্ৰ বৰুৱাই । দৰং জিলা কৃষি বিভাগৰ বিষয়া- কৰ্মচাৰীয়ে সুদীৰ্ঘ দিন সুকলমে কাৰ্য নিৰ্বাহ কৰি যোৱা ৩১মাৰ্চত কৰ্মজীৱনৰ সমাপ্তি ঘটোৱা বৰুৱাক বিয়লি কৰ্মস্থলী জিলা কৃষি বিষয়াৰ কাৰ্যালয় দৰং মঙলদৈৰপৰা নিজ গৃহলৈ লৈ যায় আৰু পদূলি মুখৰ পৰা পৰিয়াল ইস্ত কুটুম্বই ৰীতি নীতিৰ মাজেৰে সম্বৰ্ধনাস্থলীলৈ আদৰি আনে।

উক্ত সভাতেই পৰিয়ালৰ ফালৰ পৰা প্ৰথমে সংশ্লিষ্ট কৃষি বিভাগৰ বিষয়া-কৰ্মচাৰী, উপস্থিত থকা মঙলদৈ প্ৰেছ ক্লাবৰ সাংবাদিক, জ্যেষ্ঠ নাগৰিকসকলক ফুলাম গামোচাৰে সম্ভাষণ জনায়। প্ৰায় ২ শতাধিক শুভাকাংখীৰ উপস্থিতিত অনুষ্ঠিত সম্বৰ্ধনা সভাৰ সদ্য অৱসৰ প্ৰাপ্ত মদন চন্দ্ৰ বৰুৱাক খৰিকাজাঁই শতদল সাহিত্য সভাৰ তৰফৰ পৰা সম্বৰ্ধনা পত্ৰ, ফুলাম গামোচা, গ্ৰন্থ আদিৰে সম্বৰ্ধনা জনায়।

ইয়াৰোপৰি শ্ৰী শ্ৰী গণেশ মন্দিৰ, মঙলদৈ প্ৰেছ ক্লাব, মঙলদৈ জিলা কৰ্মচাৰী পৰিষদ, মিলিজুলি মইনা পাৰিজাত, মঙলদৈ আমোলা সন্থাৰ সভাপতি- সম্পাদকে নিজস্বভাৱে লগতে প্ৰতিবেশী, ইস্তকুটুম্বৰ লোকে গামোচা, ধৰ্মগ্ৰন্থ, কাঁহৰ বাচন-বৰ্তন আদিৰে বৰুৱাক ৰাজহুৱা সম্বৰ্ধনা জ্ঞাপন কৰে। উক্ত সভাত কাৰ্যালয়ৰ সহকৰ্মী -জ্যেষ্ঠ সহায়ক খগেন্দ্ৰ নাথ শৰ্মা, এপাৰ্টৰ অৰূপ নাথ, অৱসৰ প্ৰাপ্ত এছ এ ত্ৰৈলক্য চহৰীয়া, প্ৰাক্তন জিলা কৃষি বিষয়া জ্যোতিষ নাথে বৰুৱাই কাৰ্যালয়ত কাম কৰোতে কিদৰে অসমীয়া ভাষাটো প্ৰয়োগ কৰিবলৈ চেষ্টা চলাই বিভিন্ন ক্ষেত্ৰত সহযোগ কৰিছিল সেই কথা প্ৰত্যেকে আলোকপাত কৰাটো লক্ষনীয় আছিল।

তদুপৰি আনন্দ ডেকা, সুৰেন্দ্ৰ বৰুৱা, ভূমিধৰ বৰুৱা,জ্যোতিৰেখা বৰুৱা,লক্ষীনন্দন কলিতা আদিয়ে মদন বৰুৱাৰ পেছাগত কৰ্মৰ সমান্তৰালকৈ কি দৰে সাহিত্য সংস্কৃতি আৰু সামাজিক ক্ষেত্ৰতো জড়িত হৈ সেৱা আগবঢ়োৱাই আহিছে তাৰে গুণানুকীৰ্তন কৰি ব্যক্তব্য আগবঢ়ায় । ইপিনে বিদায়ী প্ৰাৰ্থী মদন বৰুৱাই তেওঁৰ অনুভৱত কয় যে : মানসিক ইচ্ছা থাকিলে নিজৰ কৰ্তব্যৰ মাজতো সামাজিক কাৰ্য-কলাপ চলাই যাব পাৰি। মাত্ৰ একা-বেকা পথেৰে নগৈ পোন ৰাস্তাৰে যোৱাৰ প্ৰৱনতা ৰাখি সমাজৰ কাম কৰিলেহে সমাজৰ মংগল হ'ব।

লগতে তেওঁ কয়- চৰকাৰীভাৱে অৱসান দিয়াটো ব্যক্তিগৰাকীক প্ৰদান কৰা এক উপাধি বুলিহে তাৎপৰ্য্যপূৰ্ণ মন্তব্য আগবঢ়ায়। ইয়াৰ পূৰ্বে দৰং জিলা কৃষি বিষয়াৰ কাৰ্যালয়তো জিলা কৃষি বিষয়া ডঃ মনোৰঞ্জন শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত আন এখন সম্বৰ্ধনা সভাতো বিভাগটোৰ সমূহ বিষয়া কৰ্মচাৰীয়ে শৰাই, গামোচা, সম্বৰ্ধনা পত্ৰ আদিৰে কৃষি পৰিদৰ্শক মদন চন্দ্ৰ বৰুৱাক সম্বৰ্ধনা জ্ঞাপন কৰে।

ইয়াৰোপৰি অগপৰ জিলা সভাপতি কমলেশ্বৰ বৰুৱা, দৰং জিলা সাহিত্য সভাৰ ধনভৰালী হৰিচন্দ্ৰ শৰ্মা, খৰিকাজাই সাহিত্য সভাৰ সভাপতি ডা০ ভূপেন চহৰীয়া মঙলদৈ জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি ৰাজেন্দ্ৰ নাথ হাজৰিকা,সম্পাদক কুলেন চন্দ্ৰ ডেকাই গামোচাৰে সম্ভাষণ জনায়। আনহাতে অসম বাৰ্তাজীৱী সংঘৰ সভাপতি মধুসূদন মেধী, সম্পাদক মুকুট ৰাজ শৰ্মায়ো বৰুৱাক শুভেচ্ছা জ্ঞাপন কৰে। শেষত বৰুৱাৰ পত্নী ববিতা বৰুৱাই সলোলৈকে কৃতজ্ঞতা জ্ঞাপন কৰি শলাগৰ শৰাই যাচে।