অসম

মঙলদৈত যান বাহন আইন সম্পৰ্কে সজাগতা ৰেলি, বাটৰ নাট দৰং আৰক্ষীৰ, VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, মঙলদৈঃ সংশোধিত যান বাহন আইন, ২০১৯ সম্পৰ্কত সোমবাৰে দৰং আৰক্ষীয়ে বিশেষ কায্যসূচী ৰূপায়ন কৰে। পুৱা এঘাৰ বজাত মঙলদৈ সদৰ থানাৰ পৰা দৰং আৰক্ষীয়ে যান বাহন আইনৰ সজাগতা মূলক এক বাইক ৰেলি উলিয়াই। মঙলদৈ, খাৰুপেটীয়া, ছিপাঝাৰ, দিপীলা হৈ গোটেই দৰং জিলাখন এই বাইক ৰেলিৰে জনসাধাৰণক সংশোধিত যান বাহন আইন, ২০১৯ সম্পৰ্কে সজাগ হবলৈ আহ্বান জনাই।

সৰ্বসাধাৰণ লোকেও জানিব পৰাকৈ সম্পূৰ্ণ অসমীয়াত নতুন যান বাহন আইনত কি অপৰাধত, কিমান ধাৰা মৰ্মে, কিমান টকা জৰিমনা ভৰিব লাগিব আদি প্ৰকাশ কৰি গোহাৰি পত্ৰ ৰাইজৰ মাজত বিলাই। বাইক ৰেলীৰ পতাকা জোকাৰি শুভ উদ্বোধন কৰে দৰং জিলাৰ আৰক্ষী অধীক্ষক অমৃত ভূঞাই।

ইতিমধ্যে দৰং জিলাত নতুন যান বাহন আইন সম্পৰ্কত সৰ্বসাধাৰণ ৰাইজ কিছু পৰিমাণে জ্ঞাত হৈছে, নতুন যান বাহন আইন প্ৰায় সংখ্যক লোকে মানি চলা পৰিলক্ষিত হৈছে। সোমবাৰৰ এই কাৰ্যসূচীৰ জৰিয়তেই দৰঙৰ চুকে কোণে সজাগতাৰ সৃষ্টি কৰি এশ শতাংশ কায্যকৰী কৰিবলৈ চেষ্টা কৰা হৈছে বুলি উদ্বোধনী অনুস্থানত আৰক্ষী অধীক্ষক অমৃত ভূঞাই কয়।

এই সজাগতা কায্যসূচীৰ অংশ হিচাপে মঙলদৈ চহৰৰ খাৰুপেটীয়া বাছ আস্থান, খাৰুপেটীয়া চহৰ, ছিপাঝাৰ, দিপীলা আদি বিভিন্ন ঠাইত বাটৰ নাট প্ৰদৰ্শন কৰিও সৰ্বসাধাৰণ ৰাইজৰ মাজত নতুন যান বাহন আইন সম্পৰ্কে সজাগ হবলৈ আহ্বান জনালে দৰং আৰক্ষীয়ে।