অসম

দৰঙৰ ঔতলাত কেন্দ্ৰীয় সত্ৰীয়া সংস্কৃতি দিৱসৰ আয়োজন…

asomiyapratidin

ডিজিটেল সংবাদ, মঙলদৈঃ সত্ৰীয়া নৃত্যই ৰাষ্ট্ৰীয় স্বীকৃতি অৰ্জনৰ দিনটোক অসম সত্ৰ মহাসভাই সত্ৰীয়া সংস্কৃতি দিৱস হিচাপে পালন কৰে। এই বৰ্ষত দৰঙৰ ঔতলাত কেন্দ্ৰীয়ভাৱে শনিবাৰৰ পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে এই সত্ৰীয়া সংস্কৃতি দিৱস। কাৰ্যসূচীৰ প্ৰচাৰ সম্পাদক অখিল কলিতাই সদৰি কৰা অনুসৰি শনিবাৰে পূৱা ৫ বজাত স্হানীয় বেঙাবড়াস্থ শ্ৰীমন্ত শংকৰদেৱ সত্ৰৰ নামঘৰীয়া প্ৰমোদ ডেকাৰ উষা কীৰ্তনৰে আৰম্ভ হ'ব।

পৰ্যায়ক্ৰমে পৰিৱেশ নিকাকৰণ, ধৰ্ম ধ্বজা উত্তোলন, স্মৃতি তৰ্পন, নাম প্ৰসংগ আৰু দিনৰ ১০ বজাত মুখ্যদ্বাৰ মুকলি কৰিব মঙলদৈৰ বিধায়ক গুৰুজ্যোতি দাসে। ইয়াৰ পাছত ১০.৩০ বজাত দৰঙৰ উপায়ুক্ত দিলীপ কুমাৰ বড়াই মুকলি কৰিব ঔতলা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আয়োজন কৰা ক্ষেত্ৰ। পাছলৈ কেবাটাও কাৰ্যসূচী ৰখা হৈছে যদিও আবেলি ৩ বজাত দৰং জিলা সত্ৰ মহাসভাৰ সভাপতি ৰাজেন মহন্তৰ সঞ্চালনাত অনুস্থিতব্য গ্ৰন্থ উন্মোচনী সভাত ৩ খনকৈ বিশেষ গ্ৰন্থ মুকলি কৰা হ'ব।

কাৰ্যসূচীত মুখ্য অতিথি হিচাবে উপস্হিত থাকিব মঙলদৈৰ ৰাজহ চক্ৰ বিষয়া নয়নজ্যোতি পাঠক। সন্ধিয়া ৫.৩০ বজাত বন্তি প্ৰজ্বলন আৰু নিশাৰ ভাগত ভাওনা প্ৰদৰ্শনেৰে প্ৰথম দিনাৰ কাৰ্যসূচীৰ অন্ত পৰিব। আয়োজক সমিতিৰ হৈ সভাপতি জিতেন্দ্ৰ নাথ প্ৰধানী, প্ৰধান সম্পাদক কুসুম কুমাৰ মহন্ত আৰু আদৰণি সমিতিৰ হৈ সভাপতি বাবুল চন্দ্ৰ ডেকা আৰু সম্পাদক যতীন্দ্ৰ নাথ কৃষ্ণদাসে দুয়োদিনৰ কাৰ্যসূচীত সকলোৰে সহায় সহযোগিতা তথা উপস্হিতি কামনা কৰিছে।