অসম

দৰঙত পুনৰ এজনৰ মৃত্যু, জিলাখনত কোৰোনাত আক্ৰান্তৰ সংখ্যা ১৩৩৩ জনলৈ বৃদ্ধি…

asomiyapratidin

ডিজিটেল সংবাদ, মঙলদৈঃ দৰঙত পুনৰ এজন লোকৰ মৃত্যু হৈছে কোভিডত। দেওবাৰে মঙলদৈ গাঁৱৰ বাসিন্দা গজেন্দ্ৰ কলিতা নামৰ ৬৩ বছৰীয়া ব্যক্তিগৰাকীৰ কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হয়। শনিবাৰে তেওঁ কোভিড-১৯ত আক্ৰান্ত বুলি চিনাক্ত হৈছিল আৰু দেওবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হয়।

স্বাস্থ্য বিভাগৰ এক প্ৰেছ বিজ্ঞপ্তিৰ মতে, শনিবাৰৰ দিনটোত জিলাখনত ৪৯ জন লোক আক্ৰান্ত হোৱাৰ পিছত দেওবাৰে দিনৰভাগত ১৩ জন লোকৰ দেহত ধৰা পৰিছে কোভিড-১৯ৰ উপস্থিতি। এই সকলক ধৰি দৰঙত কোৰোনাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ১৩৩৩ জনলৈ বৃদ্ধি পালে । ইফালে শনিবাৰ পৰ্যন্ত জিলাখনৰ পৰা ৮৬৩ জন ৰোগীক সুস্থ হৈ উঠাৰ পৰিপ্ৰেক্ষিতত চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া হৈছে ।