অসম

দৰঙত পুনৰ ৫২ জন কোভিডত আক্ৰান্ত…

asomiyapratidin

ডিজিটেল সংবাদ, মঙলদৈঃ জিলা স্বাস্থ্য বিভাগে তথ্য আৰু জনসংযোগ বিভাগলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিৰ মৰ্মে দৰঙত মঙলবাৰৰ দিনটোত মুঠ ৫২ জন লোকৰ শৰীৰত ধৰা পৰে কোভিড ১৯ ৰ উপস্থিতি ।এইসকলক ধৰি চলিত বৰ্ষৰ জানুৱাৰীৰ পৰা জিলাখনত কোভিড আক্ৰান্তৰ সংখ্যা ৬১২২ জনলৈ বৃদ্ধি পালে।

জিলাখনত সম্প্ৰতি চিকিৎসাধীন হৈ আছে ১০৮৯ জন কোভিড আক্ৰান্ত ৰোগী। ইয়াৰে ১০৯ জন চিকিৎসালয়ত থকাৰ বিপৰীতে ৯৮০ জন আক্ৰান্ত ঘৰতে আছুতীয়াকৈ আছে। আনহাতে, সুস্থ হৈ ঘৰলৈ উভতিছে ৪৯৬৬ জন আক্ৰান্ত। জানুৱাৰী মাহৰ পৰা আজি পৰ্য্যন্ত জিলাখনৰ ৬৭ জন লোকৰ কোভিডত মৃত্যু হৈছে।