অসম

দৰঙত কোভিড আক্ৰান্তৰ সংখ্যা ৩,৫৬৮ জনলৈ বৃদ্ধি…

asomiyapratidin

ডিজিটেল সংবাদ, মঙলদৈঃ দিন যোৱাৰ লগে লগে সমগ্ৰ ৰাজ্যৰ লগতে দৰঙতো বাঢ়ি গৈ আছে কোভিড আক্ৰান্তৰ সংখ্যা। সোমাবাৰ দিনটোত জিলা স্বাস্থ্য বিভাগে জিলা তথ্য আৰু জনসংযোগ কাৰ্যালয়লৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিৰ মতে দিনৰ ভাগত জিলাখনৰ নতুনকৈ ৫৩ জন লোক আক্ৰান্ত হৈছে কোভিডত।

এই সকলক ধৰি দৰঙত কোভিডত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৩৫৬৮ জনলৈ বৃদ্ধি পালে। আনহাতে, সোমবাৰ পৰ্যন্ত জিলাখনৰ পৰা ৩১৩০ জন ৰোগীক সুস্থ হৈ উঠাৰ পৰিপ্ৰেক্ষিতত চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া হৈছে।