অসম

দৰঙত কোভিড-১৯ত আক্ৰান্তৰ সংখ্যা ১৩১৯ জনলৈ বৃদ্ধি…

asomiyapratidin

ডিজিটেল সংবাদ, মঙলদৈঃ সমগ্ৰ ৰাজ্যৰ লগতে দৰং জিলাতো প্ৰতিদিনাই বৃদ্ধি পাবলৈ ধৰিছে কোৰোনা ভাইৰাছৰ সংক্ৰমণ। জিলা স্বাস্থ্য বিভাগে শনিবাৰে জিলা তথ্য আৰু জনসংযোগ কাৰ্যালয়লৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিৰ মতে, শনিবাৰে দিনৰ ভাগত জিলাখনৰ ৪৮ জন লোকৰ দেহত ধৰা পৰিছে কোভিড-১৯ৰ উপস্থিতি।

এই সকলক ধৰি দৰঙত কোভিডত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ১৩১৯ জনলৈ বৃদ্ধি পালে। আনহাতে, শুকুৰবাৰ পৰ্যন্ত জিলাখনৰ পৰা ৮৫০জন ৰোগীক সুস্থ হৈ উঠাৰ পৰিপ্ৰেক্ষিতত চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া হৈছে।