অসম

দৰঙত কোভিড আক্ৰান্তৰ সংখ্যা ৩৪০৯ জনলৈ বৃদ্ধি…

asomiyapratidin

ডিজিটেল সংবাদ, মঙলদৈঃ দৰং জিলাত প্ৰতিদিনে বাঢ়ি গৈ আছে কোভিড আক্ৰান্তৰ সংখ্যা । বুধবাৰে জিলা স্বাস্থ্য বিভাগে জিলা তথ্য আৰু জনসংযোগ কাৰ্যালয়লৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিৰ মতে বুধবাৰে দিনৰ ভাগত জিলাখনৰ ৩০ জন লোক নতুনকৈ আক্ৰান্ত হৈছে কোভিড-১৯ত।

এই সকলকে ধৰি দৰঙত কোৰোনাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৩,৪০৯ জনলৈ বৃদ্ধি পালে। আনহাতে, বুধবাৰ পৰ্যন্ত জিলাখনৰ পৰা ২৮৮৮ জন ৰোগীক সুস্থ হৈ উঠাৰ পৰিপ্ৰেক্ষিতত চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া হৈছে।