অসম

দৰঙত কোৰোনাত আক্ৰান্তৰ সংখ্যা ৩৬০৩ জনলৈ বৃদ্ধি…

asomiyapratidin

ডিজিটেল সংবাদ, মঙলদৈঃ ৰাজ্যৰ লগতে দৰং জিলাতো প্ৰতিদিনে বাঢ়ি গৈ আছে কোভিড আক্ৰান্তৰ সংখ্যা। জিলা স্বাস্থ্য বিভাগে মঙলবাৰে জিলা তথ্য আৰু জনসংযোগ কাৰ্যালয়লৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিৰ মতে মঙলবাৰে দিনৰ ভাগত জিলাখনৰ ৩৫ জন লোক আক্ৰান্ত হৈছে কোভিডত।

এই সকলক ধৰি দৰঙত কোভিডত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৩,৬০৩ জনলৈ বৃদ্ধি পালে। আনহাতে, মঙলবাৰ পৰ্যন্ত জিলাখনৰ পৰা ৩,১৭১জন ৰোগীক সুস্থ হৈ উঠাৰ পৰিপ্ৰেক্ষিতত চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া হৈছে ।