অসম

মঙলদৈ চহৰৰ চিৰা বজাৰক কন্টেইনমেন্ট জ’ন ঘোষণা

asomiyapratidin

ডিজিটেল সংবাদ, মঙলদৈঃ দৰঙত দ্ৰুত গতিত বৃদ্ধি পাইছে কোৰোনাত আক্ৰান্ত ৰোগীৰ সংখ্যা৷ দেওবাৰে পুনৰ ১০ জন লোক নতুনকৈ আক্ৰান্ত হোৱাৰ লগে লগে দৰঙত কোৰোনা ৰোগীৰ সংখ্যা ২০৩ জনলৈ বৃদ্ধি হয়৷ মঙলদৈ চহৰৰ মাজমজিয়াত থকা ঘোষ চুইটচ্ নামৰ মিঠাইৰ ডোকান খনৰ মুন্নাছ আলি নামৰ এগৰাকী কৰ্মচাৰী কোৰোনাত আক্ৰান্ত হোৱাত চহৰখনত আতংকৰ সৃষ্টি হয়।

চিৰা বজাৰত থকা দুলাল ঘোষৰ "ঘোষ চুইটচ্"ৰ এগৰাকী কৰ্মচাৰীৰ দেহত কোভিড-১৯ উপস্থিতি ধৰা পৰা পাছতেই জিলা প্ৰশাসনে সোমবাৰে কন্টেইন্টমেন্ট জ'ন হিচাপে ঘোষণা কৰে৷

চিৰা বজাৰৰ ১০০ মিটাৰ এলেকা প্ৰশাসনে কন্টেইন্টমেন্ট জ'ন হিচাপে ঘোষণা কৰে৷ লগতে বজাৰ অঞ্চলত চেনিটাইজ কৰাৰ ব্যৱস্থা কৰিছে।