অসম

দৰঙত শিশুমিত্ৰ আৰক্ষী চকীৰ শুভ উদ্ধোধন…

asomiyapratidin

ডিজিটেল সংবাদ, মঙলদৈঃ আইন উলংঘাকাৰী ১৮ বছৰৰ তলৰ শিশু সকলৰ বাবে বুধবাৰে দৰঙৰ মঙলদৈ সদৰ থানাৰ চৌহদত প্ৰথমবাৰৰ বাবে স্থাপন হ'ল শিশু মিত্ৰ আৰক্ষী চকী । অসমত দ্বিতীয় খন শিশু মিত্ৰ আৰক্ষী চকী খন উদ্ধোধন কৰে দৰঙৰ অতিৰিক্ত উপায়ুক্ত পল্লবী কছাৰী। সাধাৰণতে আইনৰ সৈতে শিশু সকলৰ সংঘাত হৈ আটক কৰিব লাগিলে সাধাৰণ আৰক্ষী থানাত হাজিৰ কৰিব লাগিছিল। এনে সময়ত শিশু সকল আতংকিত হোৱা দেখা যায়।

এতিয়াৰে পৰা জিলা খনৰ বহু দিনৰ এই সমস্যা অন্ত পৰিল। এই শিশু মিত্ৰ আৰক্ষী চকী উদ্ধোধনী অনুষ্ঠানত জিলা শিশু সুৰক্ষা গোট, দৰং আৰক্ষী আৰু জিলা প্ৰশাসনৰ বিষয়া কৰ্মচাৰী উপস্থিত থাকে। শিশু মিত্ৰ আৰক্ষী চকী উদ্ধোধনে কৰি শিশু সকলক ক্ষেত্ৰত ইতিবাচক প্ৰভাৱ পেলাব বুলি আশা কৰিব পাৰি। শিশু মিত্ৰ আৰক্ষী চকীখন শিশু উপযোগী বাতাবৰণ কৰি তোলা পৰিলক্ষিত হৈছে।