অসম

দৰং জিলাৰ বাহমোল্লা প্ৰাথমিক বিদ্যালয়ে অতিক্ৰম কৰিলে শতবৰ্ষ, VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, দৰংঃ এশবছৰ পূৰ্বেই প্ৰতিষ্ঠা হৈছিল বিদ্যালয়খন। তেতিয়াৰে পৰা বিলাই আহিছে শিক্ষাৰ পোহৰ। তেতিয়াৰ কেইজনমান চফল ডেকা তথা স্থানীয় সচেতন লোকে প্ৰতিষ্ঠা কৰা বিদ্যালয়খনৰ চাৰিওকাষ সলনি হ'ল। সলনি হ'ল গাওঁখনো। গাঁৱৰ মানুহবোৰো আগৰ দৰে নাই।

সমাজো সলনি হৈছে। দৰং জিলাৰ বাহমোল্লা প্ৰাথমিক বিদ্যালয়ে অতিক্ৰম কৰিলে শতবৰ্ষ। ১৯২১ চনত স্থাপিত হোৱা বিদ্যালয়খনৰ শতাব্দী অনুষ্ঠানৰ বৰ্ষ যোৰা কায্যসূচীৰ সামৰণি পৰিল। ২২, ২৩ আৰু ২৪ জানুৱাৰী তাৰিখে বৰ্ণাঢ্য কায্যসূচীৰ মাজেৰে অনুষ্ঠানৰ সামৰণি পৰে।

বিগত কেইদিনত লগ লাগিল একালত বিদ্যালয়খনত অধ্যয়ন কৰি সফল হৈ বৰ্তমান বিভিন্ন ক্ষেত্ৰত ব্যস্ত বহু প্ৰাক্তন ছাত্ৰ। সকলোৱে নিজৰ অতীত সোঁৱৰিলে আপোন বিদ্যালয়খনত উপস্থিত হৈ। আটাইকেইদিনতে উদ্বোধনী অনুষ্ঠানত অঞ্চলটোৰ কেইবা শতাধিক লোক উপস্থিত থাকে।