অসম

দৰঙত পথ দুৰ্ঘটনাত দুজনৰ মৃত্যু

asomiyapratidin

ডিজিটেল ডেস্কঃ দৰঙৰ দলগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে দুজনকৈ যুৱকে। খাৰুপেটীয়াৰ পৰা ৰৌতালৈ স্কুটীৰে গৈ থকা অৱস্থাতে সংঘটিত হয় দুৰ্ঘটনাটো।

বেছিমাৰীৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত টি আৰ০৪-ডি-০২১১ নম্বৰৰ মাৰুতি গাড়ীৰ সৈতে এ এছ১৩-জি-০১৩৫ নম্বৰৰ স্কুটীৰ মুখামুখি সংঘৰ্ষ হয়। দুৰ্ঘটনাত স্কুটী আৰোহী উমেশ আগৰৱাল থিতাতে নিহত হোৱাৰ লগতে কৈলাশ নামৰ অন্য এজন আৰোহীক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যু হয়।