অসম

দৰঙত পুনৰ ১৭ জনৰ দেহত কোভিড-১৯, আক্ৰান্তৰ সংখ্যা ৩৮২জনলৈ বৃদ্ধি…

asomiyapratidin

ডিজিটেল সংবাদ, মঙলদৈঃ বৃহস্পতিবাৰে দৰঙৰ ২ জন লোক কোভিডত আক্ৰান্ত হোৱাৰ পিছত শুকুৰবাৰে পুনৰ ১৭ জন লোক আক্ৰান্ত হৈছে কোভিডত। জিলা স্বাস্থ্য বিভাগে শুকুৰবাৰে জিলা তথ্য আৰু জনসংযোগ কাৰ্যালয়লৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিৰ মতে আক্ৰান্ত লোকসকলৰ ভিতৰত এগৰাকী চিকিৎসক থকাৰ বিপৰীতে এগৰাকী আৰক্ষীৰ লোক, ৩জন জোৱান, দুগৰাকী বেংকৰ কৰ্মচাৰী আৰু এজন ডাকঘৰৰ কৰ্মৰত লোক আছে।

উল্লেখযোগ্য যে, এই লোক কেইজনক ধৰি এতিয়ালৈকে দৰঙত কোভিডত আক্ৰান্ত লোকৰ সংখ্যা ৩৮২ জনলৈ বৃদ্ধি পালে। আনহাতে, ১৪৬ জন লোক চিকিৎসাধীন হৈ আছে।