অসম

দৰঙত সোমবাৰৰ দিনটোত ১৪৪ কোভিড আক্ৰান্ত চিনাক্ত…

asomiyapratidin

ডিজিটেল সংবাদ, মঙলদৈঃ ৰাজ্যৰ লগতে দৰঙতো ক্ৰমে বৃদ্ধি হৈ আছে কভিড আক্ৰান্তৰ সংখ্যা। প্ৰতিদিনে বাঢ়ি গৈ আছে কোভিড আক্ৰান্তৰ সংখ্যা। স্বাস্থ্য বিভাগে জনোৱা মতে, সোমবাৰে দৰং ১৪৪ জন লোকৰ শৰীৰত ধৰা পৰে কোভিড ১৯ৰ উপস্থিতি ।

এইসকলক ধৰি চলিত বৰ্ষৰ জানুৱাৰীৰ পৰা জিলাখনত কোভিড আক্ৰান্তৰ সংখ্যা ২১১৮ জনলৈ বৃদ্ধি পালে।সম্প্ৰতি চিকিৎসাধীন হৈ আছে ১০০৮ জন কোভিড আক্ৰান্ত। ইয়াৰে ১১৮ জন চিকিৎসালয়ত থকাৰ বিপৰীতে ৮৮৭ জন আক্ৰান্ত ঘৰতে আছুতীয়াকৈ আছে।

চিকিৎসালয়ত থকা কোভিড আক্ৰান্ত সকলৰ ভিতৰত ৪৯ জন মঙলদৈ অসামৰিক চিকিৎসালয়ত, ৬ জন দুনী আদৰ্শ চিকিৎসালয়ত আৰু ৪৪ জন জনাৰামচৌকা আদৰ্শ চিকিৎসালয়ত ভৰ্তি হৈ আছে। একেদৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ১১ জন , জি এন আৰ চি হাস্পতালত দুজন আৰু নাৰায়ন হৃদালয়া, দিছপুৰ হাস্পতাল,স্বাগত হাস্পতাল, তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাল নেমকেয়াৰ হাস্পতাল আৰু অৰুণা মেমৰিয়েল হাস্পতালত এজনকৈ লোক চিকিৎসাধীন হৈ আছে।