অসম

সত্ৰীয়া নৃত্য আৰু শাস্ত্ৰীয় সংগীতত পাৰদৰ্শিতাৰে সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে দৰঙৰ কুশল ডেকাই..

asomiyapratidin

ডিজিটেল সংবাদ,মংগলদৈ: সত্ৰীয়া নৃত্য আৰু শাস্ত্ৰীয় সংগীতত পাৰদৰ্শিতাৰে সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে দৰঙৰ কুশল ডেকাই সত্ৰীয়া নৃত্য আৰু শাস্ত্ৰীয় সংগীতত পাৰদৰ্শিতাৰে সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে দৰঙৰ কুশল ডেকাই।অসমৰ ভিন্ন ঠাইৰ লগতে গুৱাহাটীৰ বহু মঞ্চৰ পৰা সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে দৰঙৰ কুশল ডেকাই। তেখেতে গুৱাহাটী কলাক্ষেত্ৰৰ অনুষ্ঠিত ২০১৯ এনাজৰী বঁটা লাভ কৰে। তেখেতৰ সত্ৰীয়া গুৰু সংগীত নাটক একাডেমি বিছমিল্লা খান যুৱ বঁটা প্ৰাপক উষা ৰাণী বৈছা। তেখেতৰ শাস্ত্ৰীয় সংগীতৰ গুৰু মনোজ চাহা আৰু অণিমা ৰাভা আৰু কথকৰ বিপুল দাস।

দৰঙৰ সু -সন্তান তথা মঙ্গলদৈ ত্ৰিনয়ন সংগীত বিদ্যালয়ৰ শিক্ষক কুশল ডেকাই অসমৰ লগতে ভাৰত বৰ্ষৰ বিভিন্ন ৰাজ্য দিল্লী, গোৱা, নাগপুৰ, কলকাতা, বেনাৰস হিন্দু বিশ্ববিদ্যালয়, উৰিষ্যা, সত্তিছ গাঢ়, নাগালেণ্ড, শ্বিলং, ত্ৰিপুৰা, মহাৰাষ্ট্ৰ, মধ্যপ্ৰদশ, আদি ৰাজ্যত নিত্য কৰিবলৈ আমন্ত্ৰণ জনায়। কুশল ডেকাৰ এই পাৰদৰ্শিতাত প্ৰত্যেকখন ৰাজ্যই একোখনকৈ বঁটাৰে সন্মানিত কৰে। ইয়াৰ উপৰিও বাংলাদেশে তেওঁক সত্ৰীয়া নৃত্য কৰিবলৈ বিশেষভাৱে আমন্ত্ৰণ জনায়। কুশল ডেকা অসম সত্ৰ মহাসভাৰ যুৱ তীৰ্থৰ সাংস্কৃতিক সম্পাদক। তেখেতে অনলাইন যোগে বৰ্তমান বাংলাদেশৰ বহুকেইগৰাকী ব্যক্তিক সত্ৰীয়া নৃত্যৰ লগতে শাস্ত্ৰীয় সংগীত শিকায় আছে।