অসম

দৰং আৰক্ষীৰ বৃহৎ সাফল্য, ড্ৰাগছ ব্যৱসায়ী চক্ৰ উৎখাট…

asomiyapratidin

ডিজিটেল সংবাদ,মঙলদৈঃ দৰঙৰ অতিৰিক্ত আৰক্ষী অধীক্ষক উজ্জল প্ৰতিম বৰুৱাৰ নেতৃত্বত বৃহৎ ড্ৰাগছ ব্যৱসায়ী চক্ৰ উৎখাট কৰে ছিপাঝাৰ আৰক্ষীয়ে। বিশেষ সূত্ৰে খবৰ লাভ কৰি সোমবাৰে চিপাঝাৰ আৰক্ষীয়ে দুমুনিচাকিৰ পৰা চানীয়াৰা বেগম আৰু দিন ইছলাম নামৰ পতি পত্নী এহালক গ্ৰেপ্তাৰ কৰে।

তেঁওলোকৰ স্কুতিত উদ্ধাৰ হয় প্ৰায় ১২ গ্ৰাম ড্ৰাগছ। দুইজন অপৰাধী ৰ স্বীকাৰোত্তিৰ ভিত্তিত সোমবাৰে নিশাই আৰক্ষীয়ে গুৱাহাটীৰ বিভিন্ন স্থানৰ পৰা গ্ৰেপ্তাৰ কৰে আন চাৰি জন ড্ৰাগছ পেদলাৰ।গুৱাহাটীৰ বিভিন্ন স্থানৰ পৰা গ্ৰেপ্তাৰ হোৱা ড্ৰাগছ পেদলাৰ কেইজন ক্ৰমে চাহজাহান আলি , আজমল ৰহমান,মহম্মদ আমিৰ আৰু ইনাওবা। মহম্মদ আমিৰ আৰু ইনাওবা মণিপুৰৰ বাসিন্দা।