অসম

প্ৰকৃতি সুৰক্ষা আৰু ৰক্ত দানৰ প্ৰতি সজাগতা সৃষ্টিৰ বাবে পদযাত্ৰাঃ টীয়কত উপস্থিত দৰংৰ যুৱক…

asomiyapratidin

ডিজিটেল সংবাদ টীয়ক: প্ৰকৃতিক সুৰক্ষা প্ৰদান কৰা আৰু ৰক্ত দান মহান দান এই বাৰ্তা সৰ্বসাধাৰণ ৰাইজৰ মাজত প্ৰচাৰ কৰাৰ উদ্দেশ্যে অসমৰ কেউখন জিলা সামৰি পদযাত্ৰা কৰি অহা দৰং জিলাৰ গৌৰী শংকৰ কলিতা বৃহস্পতিবাৰে বিয়লি যোৰহাট জিলাত প্ৰৱেশ কৰাত তেঁওক আৰক্ষী বিভাগৰ তৰফৰ পৰা আদৰণি জনোৱা হয় । উল্লেখযোগ্য যে ২০২১ চনৰ ২৪ ডিচেম্বৰত অসম আৰক্ষী আৰু প্ৰকৃতি বন্ধুৰ সহযোগত দৰং জিলাৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ পৰা আৰম্ভ কৰা এই পদ যাত্ৰা ওদালগুৰি, শোনিতপুৰ, লখিমপুৰ, ধেমাজি, তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, চৰাইদেউ জিলা অতিক্ৰম কৰি বৃহস্পতিবাৰে বিয়লি যোৰহাট জিলাত প্ৰৱেশ কৰে ।

পদযাত্ৰা কালত তেওঁ ঠায়ে ঠায়ে মূল্যবান গছৰ পুলি ৰোপন কৰি অহাৰ লগতে প্ৰকৃতি সুৰক্ষা আৰু ৰক্ত দানৰ বাবে ৰাইজক সজাগ কৰাৰ প্ৰয়াস কৰে । তেওঁৰ এই যাত্ৰা কালত শৰীৰত গছ পুলি ওলমাই মুখত অক্সিজেন মাক্স লগাই প্ৰতিকী অৰ্থত গছে যে মানুহক অক্সিজেন যোগান ধৰি আহিছে সেই বাৰ্তা ৰাইজক দিয়াৰ চেষ্টা কৰিছে । অৱশ্যে তেওঁৰ এই যাত্ৰা কালত শিৱসাগৰৰ ঐতিহাসিক শিৱমন্দিৰ চৌহদত প্ৰৱেশ কৰি গছ পুলি ৰোপন কৰিব বিচাৰিছিল যদিও মন্দিৰ পৰিচালনা সমিতিয়ে গছ পুলি ৰোপনত বাধা দিয়া কাৰ্যত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰাৰ লগতে চৌহদটোত থকা পুৰণি গছ সমূহ কাটি পেলোৱা কাৰ্যক সমালোচনা কৰে ।

টীয়কত কলিতাক টীয়ক আৰক্ষী থানাৰ তৰফৰ পৰা আদৰণি জনোৱা হয় আৰু তেওঁ থানা খনৰ চৌহদত এটা ৰঙা চন্দনৰ পুলি ৰোপন কৰে । নিশা তেওঁ যোৰহাটৰ বৰ্ষা অৰণ্য গৱেষণা প্ৰতিষ্ঠানৰ চৌহদত কটোৱাৰ পাছত শুকুৰবাৰে পুৱা পুনৰ যাত্ৰা আৰম্ভ কৰিছে ।