অসম

পৰম্পৰা ৰক্ষা কৰি দৰঙী কোচ ৰাজপৰিয়ালৰ ঐতিহ্যপূৰ্ণ ‘দৰ পূজা’ সম্পন্ন…

asomiyapratidin

ডিজিটেল সংবাদ,মঙলদৈ : ঐতিহাসিক দুৰ্গা পূজা সমূহৰ ভিতৰত অন্যতম অসমৰ দৰঙী কোচ ৰাজপৰিয়ালত চলি অহা প্ৰায় চাৰিশ বছৰীয়া পৰম্পৰাগত ৰীতি নীতিৰে উদযাপিত হোৱা দুৰ্গ পূজা। মঙলদৈত আন আন বহুত ঠাইত দূর্গা পূজা পালিত হৈ আহিছে যদিও মঙলদৈৰ তিনি খন ৰাজ হাউলী ক্ৰমে ডাঙৰ ৰজাৰ হাউলী, মোহনপুৰ হাউলী আৰু গাখীৰ খোৱা হাউলীত প্ৰতিবাৰৰ দৰে এইবাৰো ৰণচণ্ডী ৰূপী দেবী দুৰ্গাক কোনো কৃত্ৰিমতা আৰু জাকজমকতাৰ আঁতৰত ৰাখি সম্পূৰ্ণ ৰীতি নীতিৰে পূজা আৰাধনা কৰি দশমীত দেবীক বিসৰ্জন দিয়া হয়।

ৰজাঘৰীয়া ঐতিহ্যমণ্ডিত এই দুৰ্গা পূজা এক স্বকীয় বৈশিষ্ট্য হল দেবী বিসৰ্জনৰ মাংগলিক পৰ্বৰ ঠিক পিছতে মোহনপুৰ হাউলীত ৰাজবংশৰ পৰিয়াল ৰ সদস্য সকলে উদযাপন কৰা 'দৰ পূজা' অৰ্থাৎ ৰজাৰ অস্ত্ৰ শস্ত্ৰৰ পূজা।

ৰাজ পৰিয়ালৰ বৰ্তমানৰ এগৰাকী জেষ্ঠ সদস্য তথা বিশিষ্ট বোলছবি পৰিচালক প্ৰযোজক সমৰেন্দ্ৰ নাৰায়ন দেবে জনোৱা মতে পৰম্পৰা ৰক্ষা কৰি তেওঁলোকে এই পূজা কৰি আহিছে যদিও বিভিন্ন প্ৰতিকূল পৰিবেশৰ বাবে অস্ত্ৰ শস্ত্ৰ আৰু সোণৰ বিজয় মুকুট, ধ্বজা দণ্ড আদি বেংকৰ লকাৰৰ পৰা উলিয়াই নানি প্ৰতীকী অৰ্থত বীৰ চিলাৰায়ে ব্যৱহাৰ কৰা এক খন্জৰ (খুৰকী) পূজা কৰা হয়। এই পূজাৰ সৈতে এনে বিশ্বাস জড়িত হৈ আছিল যে পূজা অৰ্চনাৰ পিছত দেবী দুৰ্গাৰ শক্তি সঞ্চাৰিত অস্ত্ৰ শস্ত্ৰ সমূহে সহজে শত্ৰুক নাশ কৰিব পাৰে।