অসম

দামোদৰ দেৱ আৰু ভট্টদেৱৰ সৃষ্টি আৰু স্মৃতি যুগমীয়া কৰাৰ দাবী মহাপুৰুষ শ্ৰীশ্ৰী দেৱ দামোদৰ সংঘৰ…

asomiyapratidin

ডিজিটেল ডেস্কঃ সত্ৰ প্ৰতিষ্ঠাপক, সমন্বয় পদ্মোদ্ভৱ, মহাপুৰুষ শ্ৰীশ্ৰীদামোদৰ দেৱ আৰু গদ্য সাহিত্যৰ জনক, মহাপুৰুষ শ্ৰীশ্ৰীভট্টদেৱৰ আদৰ্শ, সৃষ্টি আৰু স্মৃতি যুগমীয়া কৰিবলৈ অসমৰ কোনো এখন চৰকাৰে সদিচ্ছা প্ৰকাশ কৰা নাই। জাতি, মাটি, ভেটিৰ সুৰক্ষাৰ শ্লোগানেৰে দিশপুৰৰ গাদী দখল কৰা বৰ্তমানৰ চৰকাৰৰ দিনতো দেখা নাই কোনো উদ্যোগ। এই অভিযোগ মহাপুৰুষ শ্ৰীশ্ৰী দেৱ দামোদৰ সংঘৰ।

গদ্য সাহিত্যৰ জনক, মহাপুৰুষ শ্ৰীশ্ৰীভট্টদেৱৰ ৪৬২ সংখ্যক আবিৰ্ভাৱ তিথিৰ এদিন পূৰ্বে কাকতলৈ প্ৰেৰণ কৰা এক বিবৃতিত সংঘৰ কেন্দ্ৰীয় উপ-সংঘাধিকাৰ (প্ৰশাসনীক) প্ৰণৱ কুমাৰ শৰ্মা আৰু কেন্দ্ৰীয় সংঘাধিকৰ্তা হৰ্ষবৰ্দ্ধন কাশ্যপে অভিযোগ কৰে যে, অসমৰ দুয়োগৰাকী নমস্য গুৰুৰ প্ৰতি চৰকাৰী অৱহেলা এক পৰম্পৰাত পৰিণত হৈছে আৰু বৰ্তমানৰ চৰকাৰেও উক্ত পৰম্পৰা যোগ্য উত্তৰসুৰী হিচাপে চলি আহিছে।

সংঘৰ বিষয়ববীয়াদ্বয়ে বৰ্তমানৰ চৰকাৰক শীঘ্ৰে এই পৰম্পৰা ভংগ কৰিবলৈ আহ্বান জনায় আৰু মহাপুৰুষ দামোদৰ দেৱৰ জন্ম তিথিটো "দেৱ দামোদৰ জয়ন্তী" হিচাপে চৰকাৰী বন্ধ ঘোষণাৰ লগতে ৰাজধানী চহৰ গুৱাহাটী বা তাৰ ওচৰে-পাজৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত " শ্ৰীশ্ৰীদামোদৰ দেৱ বৈদিক, সত্ৰীয়া আৰু লোক সংস্কৃতি গৱেষণা প্ৰকল্প" এটি স্থাপনৰ দাবী জনায়। গদ্য সাহিত্যৰ জনক ভট্টদেৱৰ আদৰ্শ আৰু সৃষ্টিৰাজি নৱপ্ৰজন্মৰ মাজলৈ লৈ যোৱাৰ স্বাৰ্থত তেখেতৰ তিৰোভাৱ তিথিটো চৰকাৰী ভাৱে "গদ্য সাহিত্য দিৱস" হিচাপে ঘোষণা, অসমৰ প্ৰতিখন বিশ্ববিদ্যালয়, মহাবিদ্যালয়ত প্ৰতিমূৰ্তি স্থাপন, চৰকাৰী-বেচৰকাৰী সকলো শিক্ষানুষ্ঠানত তৈল-চিত্ৰ ৰখাটো বাধ্যতামূলক কৰিবলৈ অনুৰোধ কৰে।

মহাপুৰুষ দুজনাৰ স্মৃতি চিৰযুগমীয়া কৰাৰ স্বাৰ্থত অসম ৰাজ্যিক সংগ্ৰহালয়টো "শ্ৰীশ্ৰীদামোদৰ দেৱ ৰাজ্যিক সংগ্ৰহালয়" আৰু গুৱাহাটীস্থিত জিলা পুথিভঁৰালটো "মহাপুৰুষ শ্ৰীশ্ৰীভট্টদেৱ ৰাজ্যিক পুথিভঁৰাল" হিচাপে নামাকৰণ কৰিবলৈ দাবী জনায়। সংঘৰ কেন্দ্ৰীয় সংঘাধিকৰ্তাই জানিব দিয়া মতে শনিবাৰে কামৰূপ জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীলৈ পৃথকে পৃথকে স্মাৰকপত্ৰ প্ৰেৰণ কৰি উক্ত পত্ৰত এই দাবী সমূহ সন্নিবিষ্ট কৰাৰ লগতে আদিধাম শ্ৰীশ্ৰী পাটবাউসী সত্ৰ, জন্মভিঠা নগাঁৱৰ শ্ৰীশ্ৰীকোবাইকটা সত্ৰ, দেৱদামোদৰৰ তিৰোভাৱ ঘটা কোচবেহাৰৰ শ্ৰীশ্ৰী বৈকুণ্ঠপুৰ সত্ৰক পৰ্যটনস্থলী হিচাপে গঢ় দিয়াৰ লগতে পাঠ্যপুথিত দামোদৰ দেৱ আৰু ভট্টদেৱ সম্পৰ্কে পাঠ অন্তৰ্ভূক্তিৰো দাবী জনায়।