অসম

ধ্ৰুৱজ্যোতি শৰ্মালৈ ডালমিয়া “উদীয়মান ভ্ৰাম্যমাণ”ৰ শ্ৰেষ্ঠ নাট্যকাৰৰ সন্মান, বৌদ্ধিক-সাংস্কৃতিক সমাজৰ আদৰণি

asomiyapratidin

ডিজিটেল সংবাদ, নলবাৰীঃ অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ জনপ্ৰিয়তালৈ লক্ষ্য কৰি বলিউদৰ ফিল্মফেয়াৰ, জি চিনে এৱাৰ্ডৰ শৈলীত বাৰেৰহনীয়াকৈ আয়োজন কৰা "উদীয়মান ভ্ৰাম্যমাণ" শীৰ্ষক থিয়েটাৰ বঁটাৰ শ্ৰেষ্ঠ নাট্যকাৰৰ সন্মান বুটলিবলৈ সক্ষম হৈছে বিশিষ্ট নাট্যকাৰ, কথাশিল্পী, সাংবাদিক ধ্ৰুৱজ্যোতি শৰ্মাই।উক্ত বঁটাৰ বাবে পেনেলত নাম অন্তৰ্ভুক্ত হৈছিল অসমৰ চাৰিগৰাকী বিশিষ্ট নাট্যকাৰৰ নাম। ইয়াৰ মাজৰ পৰাই এক জনাকীৰ্ণ পৰিবেশৰ মাজত শুকুৰবাৰে গুৱাহাটীৰ "প্ৰাগজ্যোতিকা প্ৰেক্ষাগৃহত" বিশিষ্ট সাহিত্যিক, সাংবাদিক মাইনী মহন্ত আৰু বিশিষ্ট অভিনেতা ৰবি শৰ্মাই ঘোষণা কৰে বিশিষ্ট নাট্যকাৰ ধ্ৰুৱজ্যোতি শৰ্মাৰ নাম।

২০০৪ চনত থিয়েটাৰ ভাগ্যদেৱীৰ "সপোনৰ ঘৰ" নাটকখনিৰে ভ্ৰাম্যমাণ জগতত পদাৰ্পণ কৰা শৰ্মাই এতিয়ালৈ ত্ৰিশখনৰো অধিক নাটক ৰচনা কৰি সুখ্যাতি অৰ্জন কৰিছে। নাট্যকাৰ গৰাকীয়ে বিগত বৰ্ষৰ ৰাজতিলক থিয়েটাৰৰ "ভাগ্যবিধাতা" নামৰ জনপ্ৰিয় নাটকখনৰ পাণ্ডুলিপিৰ বাবে এই গ্লেমাৰাচ বঁটা লাভ কৰে। ডালমিয়া চিমেন্ট, প্ৰতিদিন টাইম, অসমীয়া প্ৰতিদিন, ৰেড এফ এম আদি মিডিয়া পাৰ্টনাৰৰ সহযোগত আটকধুনীয়া অনুষ্ঠানটোত প্ৰবেশ পথত নীলা কাৰ্পেট পাৰি ফটো ফ্ৰেমত আবদ্ধ কৰিছিল নমিনি সকলক।

উল্লেখযোগ্য যে, বঁটা প্ৰদান কৰি বিশিষ্ট সাহিত্যিক মাইনী মহন্তই কয় যে, তেওঁ বহু বছৰ নাটক লিখিবলৈ প্ৰয়াস কৰি সফল হ'ব পৰা নাছিল। নাটক লিখাটো বৰ কঠিন কাম বুলি তেওঁ অকপটে স্বীকাৰ কৰে।ইপিনে শৰ্মাৰ এই অক্লান্ত সাধনাৰ অন্তত লাভ কৰা সফলতাত তেওঁৰ নাট্যগুৰু ভবেশ বৰুৱা, প্ৰযোজক সুবোধ মজুমদাৰ, নজৰুল ইছলাম, অখিল কলিতা, নৱ দাস, ডাঃ সৌনসোৰাং বসুমতাৰী, বিশিষ্ট অভিনেতা যতীন বৰা, ৰবি শৰ্মা, প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমনি শইকীয়া, বিশিষ্ট অভিনেত্ৰী বৰষা ৰানী বিষয়া, বিশিষ্ট সাংস্কৃতিক কৰ্মী গোপাল জালান, অসম সাহিত্য সভাৰ সভাপতি ড° পৰমানন্দ ৰাজবংশী, সদৌ অসম সাংবাদিক সন্থাৰ সভাপতি পংকজ কুমাৰ নাথ, বিশিষ্ট নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্য, ৰাজতিলক থিয়েটাৰৰ প্ৰযোজিকা মধুমিতা শৰ্মা প্ৰমুখ্যে শিল্পীবৃন্দ, দীপক কলিতা, প্ৰযোজক সুভাষ দাস, "অসমীয়া প্ৰতিদিন"ৰ মুখ্য সহযোগী সম্পাদক অচ্যুত কুমাৰ পাটোৱাৰী, সহযোগী সম্পাদক প্ৰকাশ মহন্ত, জ্যেষ্ঠ সাংবাদিক সঞ্জীৱ কুমাৰ ফুকন, নলবাৰীৰ বিধায়ক অশোক শৰ্মাকে ধৰি নলবাৰীৰ বিভিন্ন দল- সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠান তথা ব্যক্তিয়ে শুভেচ্ছা জনাইছে।