অসম

অসম প্ৰদেশ কংগ্ৰেছৰ পৰা পুনৰ পদত্যাগ নেতাৰঃ দলটোৰ মূল্যবোধ আৰু নীতিৰ প্ৰতি নেতৃ্ত্বৰ দায়বদ্ধতাৰ অভাৱৰ অভিযোগ

asomiyapratidin
  • প্ৰদেশ কংগ্ৰেছত পুনৰ মুখ্যম আঘাট।
  • দলটোৰ পৰা পদত্যাগ কৰিলে প্ৰদেশ কংগ্ৰেছৰ সম্পাদক দায়ান হুছেইনে।
  • যুৱ কংগ্ৰেছৰ প্ৰাক্তন ৰাষ্ট্ৰীয় সম্পাদকো আছিল দায়ান হুছেইন।
  • সম্পাদকৰ পদ ত্যাগ কৰাৰ উপৰিও তেওঁ কংগ্ৰেছৰ প্ৰাথমিক পদো ত্যাগ কৰিছে।
  • হুছেইনে নৱ নিৰ্বাচিত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু কেন্দ্ৰীয় নেতৃত্বলৈ প্ৰেৰণ কৰিছে পদত্যাগ পত্ৰ।
  • ২৩ বছৰ কংগ্ৰেছৰ সৈতে জড়িত হৈ আছিল হুছেইন।
  • ক্ংগ্ৰেছত তেওঁ প্ৰতাৰিত আৰু উপেক্ষিত হোৱাৰ অনুভৱ কৰাৰ বাবেই তেওঁক বিবেকে পদত্যাগ কৰিবলৈ বাধ্য কৰালে বুলি উল্লেখ কৰিছে।
  • পদত্যাগ পত্ৰত তেওঁ নেতৃত্বৰ প্ৰতি বিষোদগাৰ প্ৰকাশ কৰিছে।
  • দলটোৰ মূল মূল্যবোধ আৰু নীতিৰ প্ৰতি কেন্দ্ৰীয় আৰু ৰাজ্যিক নেতৃত্বৰ দায়বদ্ধতাৰ অভাৱ বুলি উল্লেখ কৰিছে।
  • তেওঁ পূৰ্বে কেতিয়াও দলটোৰ মতাদৰ্শৰ এনে স্পষ্ট আৰু ঘোৰ উলংঘন দেখা নাই বুলিও উল্লেখ কৰিছে।