অসম

সাৱধান! ডেইৰী মিল্ক চকলেটত পোক

asomiyapratidin

ডিজিটেল সংবাদ, উত্তৰ অসমঃ আপুনি চকলেট খাই ভাল পাই নেকি? যদি খাই, তেন্তে সাৱধান হওঁক। কিয়নো যিকোনো মুহূৰ্ততে আপুনি খোৱা চকলেটত ওলাব পাৰে পোক। এনে এটা ঘটনা আজি সন্ধ্যা সংঘটিত হৈছে বিশ্বনাথ আৰু লখিমপুৰ জিলাৰ সীমামূৰীয়া হাৱাজানত।

খলিহামাৰীৰ এজন শিক্ষক যদুমণি শইকীয়াই হাৱাজানৰ এখন দোকানৰপৰা আজি ক্ৰয় কৰিছিল ৪টাকৈ ডেইৰী মিল্ক চকলেট। ইয়াৰে এটা 'অসমীয়া প্ৰতিদিন'ৰ হাৱাজানৰ সাংবাদিক হেমন্ত কাকতিৰ কন্যাক দি বাকী তিনিটা নিজৰ ল'ৰা-ছোৱালীৰ বাবে লৈ গৈছিল।

চকলেটটো ছোৱালীজনীয়ে খাবলৈ ওলোৱাত গেলি যোৱা যেন লগাত পেকেটটো খুলি চোৱাত দেখা পাই এটা বগা জীৱিত পোক। লগে লগে দেউতাকক দেখুওৱাত তেওঁ ম্যাদ ওকলি গৈছে নেকি চাই দেখে ৩/১৮ উৎপাদন কৰা বুলি লিখা আছে। ছোৱালীজনীৰ দেউতাক যদুমণি শইকীয়াই এতিয়াও তেনেকৈয়ে চকলেটতো থৈ দিছে বুলি জানিবলৈ দিয়ে।

চকলেটত পোক ওলোৱা খবৰ নতুন নহয়। বহু সময়ত এনেদৰে ভুৱা খবৰে চকলেট উৎপাদনকাৰী কোম্পানীৰ বিৰুদ্ধে অপপ্ৰচাৰ চলোৱা বুলি অভিযোগ উঠে। কিন্তু এই খবৰ মিছা নহয়।