অসম

ডাঁহী আঞ্চলিক ছাত্ৰ সন্থাৰ বিশেষ অভিনন্দন অনুষ্ঠান…

asomiyapratidin

ডিজিটেল সংবাদ, মঙলদৈঃ সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ এখন অন্যতম আঞ্চলিক ছাত্ৰ সন্থা ডাঁহী আঞ্চলিক ছাত্ৰ সন্থাৰ কৃতী ছাত্ৰ ছাত্ৰীৰ বিশেষ অভিনন্দন অনুষ্ঠানখনি বৃহস্পতিবাৰে অনুষ্ঠিত হয়।দীঘিৰপাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এই অভিনন্দন অনুষ্ঠানত ডাঁহী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ৰাজু শৰ্মা ই সঞ্চালনা কৰে।

এই বিশেষ অভিনন্দন অনুষ্ঠানত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ নৱনিৰ্বাচিত ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য খনিন্দ্ৰ ৰাজবংশী,নিৰঞ্জন শইকীয়া,সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ নৱনিৰ্বাচিত উপদেষ্টা দীলিপ ডেকা, উপ-সভাপতি প্ৰমোদ ডেকা, সহকাৰী সাধাৰণ সম্পাদক ৰাজীৱ শৰ্মা, আন্তঃ মঙলদৈ ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক মাহমাদুল হাচানো।

ইয়াৰ উপৰিও মঙলদৈ মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক অপুৰ্ব ডেকা,দীঘিৰপাৰ হাইস্কুল ৰ প্ৰধান শিক্ষক পৰেশ ডেকা,ডাঁহী আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ৰুবুল ডেকা, বিশিষ্ট শিল্পী উশাৰানী বৈশ্য ৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি অনুষ্ঠানত উপস্থিত থাকে। এই অভিনন্দন অনুষ্ঠান ত শতাধিক কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰে।