অসম

ভোট বৰ্জনত অটল দধিয়াবাসী, ৰাইজৰ সহমতত দলীয় প্ৰাৰ্থীয়ে উঠাই ল’ব মনোনয়ন

asomiyapratidin

ডিজিটেল সংবাদ, চাবুৱাঃ বিশ্বৰ বৃহৎ গণতান্ত্ৰিক দেশ ভাৰতৰ প্ৰতিজন নাগৰিকক সংবিধানে নিজৰ মতপ্ৰকাশৰ মৌলিক অধিকাৰ হিচাপে ভোটদানৰ অধিকাৰ প্ৰদান কৰিছে৷ দেশৰ কোটি কোটি জনতাই প্ৰতিটো নিৰ্বাচনতেই নিজৰ মন প্ৰছন্দৰ প্ৰাৰ্থী নিৰ্বাচন কৰি চৰকাৰ গঠনৰ মতামত দি সাংবিধানিক অধিকাৰ সাব্যস্ত কৰাৰ সময়তে ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনত চাবুৱাৰ এটা অঞ্চলৰ ৰাইজে ভোট দানৰ পৰা বিৰত থাকিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে৷

চৰকাৰী বঞ্চনাৰ চৰম পৰ্যায়ত চাবুৱা বিধানসভা সমষ্টিৰ পানীতোলা উন্নয়ন খণ্ডৰ বিন্ধাকটা গাঁও পঞ্চায়তৰ ২টা ৱাৰ্ডৰ ৰাইজে হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনত ভোট দান নকৰে বুলি ৰাজহুৱা ভাৱে সিদ্ধান্ত গ্ৰহণ কৰিছে৷ প্ৰতিখন চৰকাৰ আৰু দলে কেৱল প্ৰতিশ্ৰুতিৰ বন্যা বোৱাই প্ৰাকৃতিক দুৰ্যোগে বিধস্ত কৰা দধিয়াৰ ৰাইজক প্ৰতাৰণা কৰি অহাৰ অভিযোগ উত্থাপন কৰি ৰাইজে এই সিদ্ধান্ত গ্ৰহণ কৰে।

১৯৫০ চনৰ বৰভূঁইকপৰ পিছৰে পৰা তিনিচুকীয়া ডিব্ৰুগড় অবিভক্ত ডিব্ৰু-চৈখোৱা বনাঞ্চলৰ নিকতৱৰ্তী দধিয়াবাসীৰ বাবে অভিশপ্ত দিনবোৰ আৰম্ভ হৈছিল৷ অনেকেই ভূমি, সা-সাম্পত্তি, জীৱন আদি হেৰুৱাই অঘৰীৰ দৰে প্ৰকৃতিক দুৰ্যোগৰ সতে মোকাবিলা কৰি ব্ৰহ্মপুত্ৰৰ মাজত বাস কৰিবলৈ বাধ্য হৈছে৷ ১৯৯৯ চনত ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান ঘোষণা হোৱাত উক্ত অঞ্চলত বসবাস কৰা লোক সকলো ভূমিহীন হৈ পৰে৷

তাৰ পিছতে কোনো চৰকাৰ আৰু দলে উক্ত লোক সকলৰ সংস্থাপনৰ চিন্তা কৰা নাই৷ চলিত মিত্ৰজোঁটৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰৰ বনমন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মই ভূমি প্ৰদান কৰি পুনৰ সংস্থাপন কৰাৰ লিখিত প্ৰতিশ্ৰুতি দি ৮মাহ সময় দিছিল৷ সেয়াও অসাৰ প্ৰতিপন্ন হোৱাত দধিয়াৰ ৰাইজে ৰাজহুৱা সিদ্ধান্ত গ্ৰহণ কৰি আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট দানৰ পৰা বিৰত থকাৰ ঘোষণা কৰিছে৷

লগতে নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ বিৰোধিতা কৰিও এই সিদ্ধান্ত গ্ৰহণ কৰিছে৷ সোমবাৰে দধিয়াত পুনৰ সভা আয়োজন কৰি মনোনয়ন পত্ৰ দাখিল কৰা প্ৰাৰ্থীসকলক মনোনয়ন পত্ৰ উঠাই ল'বলৈ আহ্বান জনাই আৰু প্ৰাৰ্থী সকলেও ৰাইজৰ সতে সহমতত থাকি প্ৰত্ৰ উঠাই লোৱা হ'ব বুলি প্ৰকাশ কৰে৷

লগতে ৩ ডিচেম্বৰৰ পৰা ৫ ডিচেম্বৰলৈকে দধিয়া ৰাইজৰ ম'বাইল বন্ধ ৰখা, যাতায়ত বাবে একমাত্ৰ নাও ব্যৱস্থা বন্ধ থাকিব বুলি সংকল্পবদ্ধ হয়৷ ব্ৰক্ষ্মপুত্ৰৰ বুকুত অৱস্থিত দধিয়াত সাংবাদিকৰ প্ৰৱেশত বাধা প্ৰদান কৰা নাই বুলি সংবাদ মাধ্যমক জনায় সভাৰ ৰাইজে৷ টাকাম মিচিং পৰিণ কেবাং আৰু দধিয়া পুনৰ সংস্থাপন সমিতিৰ উদ্যোগত ১২০৬ টা পৰিয়ালৰ ভোটাৰে ভোট বৰ্জনৰ সিদ্ধান্তত ঐক্যমতত উপনিত হয়৷