অসম

ডবকাত স্কলাৰ্চ একাডেমিক এণ্ড চাইণ্টিফিক চ’চাইটিৰ উদ্যোগত অভিনন্দন অনুষ্ঠান

asomiyapratidin

ডিজিটেল সংবাদ, ডবকাঃ সোমবাৰে ডবকাৰ বৰহাৱৰ এ.কে আজাদ হাইস্কুলত অনুষ্ঠিত হয় এক অভিনন্দন অনুষ্ঠান। স্কলাৰ্চ একাডেমিক এণ্ড চাইণ্টিফিক চ'চাইটিৰ উদ্যোগত অনুষ্ঠিত হয় অভিনন্দন অনুষ্ঠান। হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়৷

সমাজসেৱক আব্দুল জলিলৰ সভাপতিত্বত অনুষ্ঠিত সভাত উদ্দেশ্য বাখ্যা কৰে চ'চাইটিখনৰ সভাপতি ইমামমুদ্দিনে৷ ১১ খন বিদ্যালয়ৰ মুৰব্বীকো অভিনন্দন জনোৱা হয় এই অনুষ্ঠানটোত৷ ইফালে শ্ৰেষ্ঠ শিক্ষকৰ সন্মান প্ৰদান কৰে বৰহাৱৰ এ.কে আজাদ হাইস্কুলৰ সহকাৰী শিক্ষক আব্দুল কাদিৰক৷

অনুষ্ঠানটোত উপস্থিত থাকে ৰহমান ইনষ্টিটিউট অৱ ফাৰ্মাচিউটিকেল চায়েঞ্চৰ অধ্যক্ষ ডঃ হবিবুৰ ৰহমান, বৰহাৱৰ এ.কে আজাদ হাইস্কুলৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ তফজ্জুল ইছলাম, নেমকেয়াৰ গ্ৰুপ অৱ ইনষ্টিটিউটৰ সহকাৰী অধ্যাপক দীপাংকৰ বৰদলৈ আৰু বিকাশ শইকীয়া৷

সভাত উপস্থিত বিশিষ্ট শিক্ষাবিদসকলৰ অনুপ্ৰেৰণামূলক ভাষণত আপ্লুত হৈ পৰে ছাত্ৰ-ছাত্ৰীসকল৷ উল্লেখ্য যে, স্কলাৰ্চ একাডেমিক এণ্ড চাইণ্টিফিক চ'চাইটিৰ এই পদক্ষেপক ভূয়সী প্ৰশংসা কৰে উপস্থিত ৰাইজে৷