অসম

অসম চৰকাৰৰ উদ্যোগত ঢকুৱাখনাত থলুৱা গীত মাতৰ বিশেষ প্ৰশিক্ষণ

asomiyapratidin

ডিজিটেল সংবাদ, ঢকুৱাখনঃ শুকুৰবাৰৰ পৰা ঢকুৱাখনাত আৰম্ভ হৈছে থলুৱা গীত মাতৰ বিশেষ প্ৰশিক্ষণ কৰ্মশালা। মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য যোজনাৰ অন্তৰ্গত সাংস্কৃতিক নৱজাগৰণ সমাজৰ উদ্যোগত অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সাংস্কৃতিক কেন্দ্ৰ ঢকুৱাখনা আৰু ঢকুৱাখনা নাট্য বিদ্যালয়ৰ সহযোগত অসমীয়া জাতীয় জীৱনৰ অভিন্ন অংগ স্বৰূপ বিয়ানাম, আইনাম, দিহানাম আৰু থিয়নামৰ কৰ্মশালা শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে ঢকুৱাখনাৰ কেন্দ্ৰীয় প্ৰেক্ষাগৃহত।

শুকুৰবাৰে উদ্বোধনী অনুষ্ঠানত সভাপতিত্ব কৰে ঢকুৱাখনা মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ পূৰ্ণানন্দ গগৈয়ে। উদ্বোধনী অনুষ্ঠানত ভাষণ আগবঢ়াই ঢকুৱাখনা মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ তথা ঢকুৱাখনা নাট্য বিদ্যালয়ৰ উপদেষ্টা ভোলানাথ গগৈয়ে অসম চৰকাৰ তথা সাংস্কৃতিক মন্ত্ৰী নৱ কুমাৰ দলেক ধন্যবাদ জ্ঞাপন কৰি অসমীয়া সমাজ জীৱনৰ অভিন্ন অংগস্বৰূপ এই গীত মাতৰ সংৰক্ষণ আৰু প্ৰচাৰৰ ক্ষেত্ৰত এই কৰ্মশালাখনে যথেষ্ট অৱদান আগবঢ়াব বুলি আশা ব্যক্ত কৰে।

নাট্য বিদ্যালয়ৰ প্ৰচাৰ সচিব গণেশ চমুৱাই আঁতধৰা অনুষ্ঠানটোত পঞ্চাশ গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে। পোন্ধৰদিনীয়া এই কৰ্মশালাটোত জ্যোতি গগৈ, মিনু দাস বৰা আৰু পমী বৰুৱাই প্ৰশিক্ষণ প্ৰদান কৰিব।